বিলাসীপাৰা, 2 নৱেম্বৰঃচৰকাৰী চিকিৎসালয়ত বিনামুলীয়া নহয় চিকিৎসা সেৱা ৷ এইখন অসমৰে বিলাসীপাৰাত সংঘটিত এক কাণ্ডই পোহৰলৈ আনিছে সকলো তথ্য ৷ সন্তান প্ৰসৱৰ নামত চিকিৎসকে ৰোগীৰ পৰিয়ালক ধনদাবী কৰাক লৈ উত্তপ্ত হৈ পৰে বিলাসীপাৰাৰ বগৰীবাৰী অঞ্চল ৷ বগৰীবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা |
লগতে পঢ়কঃ শিৱসাগৰ, বৰপেটাৰোড, হাইলাকান্দিকে ধৰি বিভিন্ন প্ৰান্তত উদযাপন ষঠ পূজা
ঘটনা অনুসৰি, চিকিৎসালয়খনত খানাবাৰী পনেনয় আনি গাঁৱৰ ছামিয়েল হকৰ গৰ্ভৱতী পত্নী নাৰ্জু বেগমক ভৰ্তি কৰোৱা হয় | কিন্তু মহিলাগৰাকীৰ পৰিয়ালক সন্তান প্ৰসৱৰ নামত চিকিৎসক জাকিৰ হুছেইনে সাত হাজাৰ টকা দাবী কৰে | কিন্তু অতি দৰিদ্ৰ পৰিয়ালটিয়ে চিকিৎসকক দাবী কৰা ধন দিব নোৱাৰাত চিকিৎসাত গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰে |
চিকিৎসকৰ গাফিলতিত নৱজাতকৰ মৃত্যু আনহাতে মহিলাগৰাকীয়ে প্ৰসৱ কৰা সন্তানটো মৃত্যুমুখত পৰাৰ পিচতে পৰিয়ালৰ লোকসহ স্থানীয় ৰাইজ জাঙুৰ খাই উঠে ৷ স্থানীয় ৰাইজ তথা পৰিয়ালৰ লোকৰ মতে দাবী কৰা ধন লাভ নকৰাৰ বাবেই চিকিৎসাত হেমাহি কৰে চিকিৎসক জাকিৰ হুছেইনে ৷ সন্তানটোৰ মৃত্যুক লৈ চিকিৎসালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ভুক্তভোগী পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ধুবুৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাসহ আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ উপৰিও চিকিৎসক জাকিৰ হুছেইনক সোধ-পোছৰ বাবে আটক কৰে | ইতিমধ্যে ঘটনা সন্দৰ্ভত মহিলা গৰাকীৰ স্বামী ছামিয়েল হকে আটানী আৰক্ষী চকীত চিকিৎসক জাকিৰ হুছেইন, নাৰ্চ আৰ ৰায় আৰু এম ৰায় বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে |