অসম

assam

ETV Bharat / jagte-raho

গোলাঘাটত নিজ বৌৱেকক হত্যাৰ চেষ্টা দেওৰেকৰ - প্ৰমিলা শইকীয়া

স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত হৈ অতি সংকটজনক অৱস্থাত মহিলা গৰাকীক উদ্ধাৰ কৰি নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

গোলাঘাটত নিজ বৌৱেকক হত্যাৰ চেষ্টা দেওৰেকৰ

By

Published : Apr 29, 2019, 6:57 PM IST

গোলাঘাট, 29 এপ্ৰিলঃ গোলাঘাট নুমলীগড়ত লোমহৰ্ষক কাণ্ড। ঘৰৰ ভিতৰতে নিজ বৌৱেকক ডিঙি কাটি হত্যাৰ চেষ্টা দেওৰেকৰ । ঘৰত কোনো নথকাৰ সুযোগত তেলগৰম অঞ্চলৰ চাউৰা বস্তিত প্ৰমিলা শইকীয়া নামৰ এগৰাকী মহিলাক নিৰ্মমভাৱে ডিঙি কাটি ঘৰৰ ভিতৰত পেলায় থৈ যায় ডাইনা শইকীয়া নামৰ লোকজনে । স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত অতি সংকটজনক অৱস্থাত মহিলা গৰাকীক উদ্ধাৰ কৰি নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

গোলাঘাটত নিজ বৌৱেকক হত্যাৰ চেষ্টা দেওৰেকৰ

আৰু পঢ়কঃ পৰিৱৰ্তনগামী চৰকাৰৰ দিনত অপৰিৱৰ্তিত বাট পথৰ অৱস্থা


বৰ্তমান চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে মহিলা গৰাকীয়ে ৷ ইফালে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে অভিযুক্ত ডাইনা শইকীয়াই । পৈত্ৰিক সম্পত্তিৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । ঘটনা সন্দৰ্ভত নুমলীগড় আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

ABOUT THE AUTHOR

...view details