অসম

assam

By

Published : Apr 19, 2019, 4:51 AM IST

ETV Bharat / jagte-raho

পাণ্ডু নিউ কলনীত দিন-দুপৰতে চুৰিকাণ্ড

বাব্লু ৰক্ষিত নামৰ লোকজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে ৫০ হাজাৰ নগদ ধনসহ প্ৰায় চাৰি তোলাকৈ সোণৰ অলংকাৰ ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

etv bharat

গুৱাহাটী, 19 এপ্ৰিলঃ মহানগৰীৰ পাণ্ডু নিউ কলনীত বৃহস্পতিবাৰে দিন-দুপৰতে সংঘটিত হ’ল চুৰিকাণ্ড ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ বাব্লু ৰক্ষিত নামৰ লোকজনৰ ঘৰত চোৰে চলালে লুটপাত ৷ বাব্লু ৰক্ষিতৰ লগতে ঘৰত তেওঁৰ পৰিয়ালৰ কোনো সদস্য নথকাৰ সুযোগ বুজি পাছফালৰ দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰিছিল চোৰে।

পাণ্ডু নিউ কলনীত দিন-দুপৰতে চুৰিকাণ্ড

দিন-দুপৰতে হোৱা এই চুৰিকাণ্ডত ব্যক্তিগৰাকীৰ বাসগৃহৰ পৰা ৫০ হাজাৰ নগদ ধনসহ প্ৰায় চাৰি তোলাকৈ সোণৰ অলংকাৰ লুটি নিয়ে চোৰে ৷ ইতিমধ্যে এই সন্দৰ্ভত পৰিয়ালটোৱে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷ উল্লেখ্য যে, অঞ্চলটোত সঘনাই সংঘটিত হোৱা এনে চুৰিকাণ্ডই অঞ্চলবাসীক যথেষ্ট শংকিত কৰি তুলিছে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্য তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details