ডিমা হাছাও, 21 ডিচেম্বৰ :অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমান হত্যাৰ গোচৰত বিশেষ নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ ন্য়ায়ালয়ে ৰায়দান কৰি অহা ছমাহৰ ভিতৰত এই হত্যাৰ গোচৰ নিষ্পত্তি কৰাৰ নিৰ্দেশ দিয়ে ডিমা হাছাও জিলাৰ চিজেএম আদালতক ।
উল্লেখযোগ্য 2008 চনত ডিমা হাছাও জিলাৰ দিয়ুংমুখ আৰক্ষী থানাৰ অন্তৰ্গত আৰদা গাঁৱত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ভদ্ৰমণি লাংথাচাৰ দেহৰক্ষী অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমানক তেতিয়াৰ দুধর্ষ উগ্ৰপন্থী সংগঠন ডিএইচডি (জে)-ৰ উপ-সেনাধ্যক্ষ তথা বৰ্তমান উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গার্লোচাই গুলীয়াই হত্যা কৰাৰ অভিযোগত গোচৰ ৰুজু হৈছিল দিয়ুংমুখ আৰক্ষী থানাত ।