নগাঁও,17 মাৰ্চঃ নগাঁৱত অব্যাহত আছে ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান ৷ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে 9 কেজি ওজনৰ বৃহৎ পৰিমাণৰ গাঞ্জা আৰু আটক কৰে ব্যৱসায়ৰ লগত জড়িত ড্ৰাগছ মাফিয়া শুকুৰ আলীক ৷ নগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ দলে ৰঙাগড়া হুজ অঞ্চলত অভিযান চলাই জব্দ কৰে এই গাঞ্জাখিনি ৷
নগাঁৱত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা - ৰঙাগড়া হুজ অঞ্চলত অভিযান
নগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবি দাসৰ নেতৃত্বত জব্দ 9 কেজি ওজনৰ বৃহৎ পৰিমাণৰ গাঞ্জা আৰু আটক ব্যৱসায়ৰ লগত জড়িত ড্ৰাগছ মাফিয়া শুকুৰ আলী ৷ নগাঁৱৰ ৰঙাগড়া হুজ অঞ্চলত দীৰ্ঘদিন ধৰি নিষিদ্ধ গাঞ্জাৰ ৰমৰমীয়া বেহা চলাই আহিছিল শুকুৰ আলী নামৰ ড্ৰাগছ ব্যৱসায়ীজনে ৷
![নগাঁৱত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা নগাঁৱত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6437626-46-6437626-1584426194296.jpg)
নগাঁৱত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
উল্লেখ্য যে,দীৰ্ঘদিন ধৰি নিষিদ্ধ গাঞ্জাৰ ৰমৰমীয়া বেহা চলাই অহাৰ তথ্য লাভ কৰাৰ পিছতে নগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জব্দ কৰিবলৈ সক্ষম হয় গাঞ্জা আৰু আটক কৰে ড্ৰাগছ ব্যৱসায়ীজনক ৷
নগাঁৱত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা