মাৰ্ঘেৰিটা,4 অক্টোবৰ:মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত দীৰ্ঘদিনৰ পৰা অব্যাহত আছে ডাবলগুটি সদৃশ জুৱা খেল ৷ সচেতন ৰাইজৰ অজ্ঞাতে অব্যাহত এই জুৱা খেলৰ বিষয়ে আৰক্ষীয়ে জানিব পৰাত এক গোপন অনুসন্ধান চলায় ৷ নৱনিযুক্ত মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়া পোনা গগৈ আৰু মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই এক বৃহৎ জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে অনলাইন জুৱা খেলাৰ সন্দেহত ছগৰাকী লোকক আটক কৰে ৷ লিডুৰ বাঁহবাৰীৰ আটক কৰা হৈছে লোককেইজনক ৷
মাৰ্ঘেৰিটাত জুৱাৰী আটক - লিডুৰ বাঁহবাৰী
মাৰ্ঘেৰিটাত ব্যাপত হাৰত অব্যাহত আছে অনলাইন জুৱা ৷ এই জুৱাত জড়িত থকাৰ অপৰাধত ছজন ব্যক্তিক আৰক্ষীয়ে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ লিডুৰ বাঁহবাৰীৰ আটক কৰা হৈছে লোককেইজনক ৷
![মাৰ্ঘেৰিটাত জুৱাৰী আটক Gambler arrested in margherita tinsukia assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9045776-thumbnail-3x2-a.jpg)
উল্লেখ্য যে, মাৰ্ঘেৰিটাত কয়লাৰ চোৰাং ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ হৈ থকাৰ বাবে এতিয়া একাংশ লোকে অনলাইন জুৱাৰ ব্যৱসায়ত জড়িত হৈ আছে ৷ আটকাধীন লোককেইজন ক্ৰমে গণেশ বৰুৱা, সুপ্ৰতীম ভট্টাচাৰ্য, ৰাজেন দাস, চুইট ৰাজকোঁৱৰ, মজিবুৰ ৰহমান বৰা আৰু পৰাগ গগৈ ৷ আৰক্ষীয়ে ধৃত লোককেইজনৰ পৰা 60 যোৰ তাচপাত, ছয়টা ম’বাইল, দুখন নোটবুক আৰু দুটাকৈ কেলকুলেটৰ উদ্ধাৰ কৰে ৷ দেওবাৰে আটকাধীন লোককেইজনক মাৰ্ঘেৰিটা থানাত ৰুজু হোৱা 291/2020 নং গোচৰৰ ভিত্তিত ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ পিছত জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ৷ মাৰ্ঘেৰিটা আৰক্ষীৰ এই পদক্ষেপক শলাগিছে স্থানীয় ৰাইজে ৷
লগতে চাওকঃমাজুলীত মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী বাতিল