খুমটাই, 15 মাৰ্চ :মহিলা আৰু শিশু কল্যান আঁচনিৰ নাম লৈ মহিলাক প্ৰবঞ্চনা কৰি আহিছিল টংকেশ্বৰ শইকীয়া নামৰ লোকজনে ৷ গোলাঘাট জিলাৰ সৰুপথাৰৰ নাওজানৰ বাসিন্দা টংকেশ্বৰ শইকীয়াই দীৰ্ঘদিন ধৰি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত মহিলাসকলক ঋণ দিয়াৰ নামত সংগ্ৰহ কৰি আহিছিল ধন ৷
আৰক্ষী আৰু স্থানীয় মহিলাৰ ভাষ্য পাঁচ লাখ টকাৰ ঋণ প্ৰদানৰ নামত টংকেশ্বৰে মহিলাসকলৰ পৰা সংগ্ৰহ কৰিছিল 250 টকাকৈ ধন ৷ কিন্তু 250 টকা সংগ্ৰহ কৰি মহিলাসকলক কোনোধৰণৰ ৰিচিপ্ট প্ৰদান কৰা নাছিল টংকেশ্বৰে ৷
এনে অৱস্থাত স্থানীয় সচেতন মহিলাসকলৰ টংকেশ্বৰৰ ওপৰত সন্দেহ হোৱাত স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীক খবৰ দিয়াত ওলাই পৰে ওৰহী গছৰ ওৰ ৷ দৰাচলতে মহিলাসকলৰ ঋণ প্ৰদান কৰাৰ ভুৱা প্ৰতিশ্ৰুতিৰে টংকেশ্বৰে এইদৰে সংগ্ৰহ কৰি আহিছিল ধন ৷
খুমটাইত ধৃত প্ৰবঞ্চক টংকেশ্বৰ শইকীয়া আৰক্ষীয়ে টংকেশ্বৰৰ পৰা বহুটো নথি-পত্ৰ জব্দ কৰাৰ লগতে অসম চৰকাৰৰ শেহতীয়া বাজেটৰ এখন প্ৰতিলিপিও জব্দ কৰে ৷ স্থানীয় মহিলাসকলে জনোৱা অনুসৰি, টংকেশ্বৰে জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা এইদৰে ভুৱা ঋণৰ প্ৰতিশ্ৰুতিৰে ইতিমধ্যেই সংগ্ৰহ কৰিছে লক্ষাধিক টকা ৷