নিউজ ডেস্ক, ৩০ এপ্ৰিলঃউত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ সৈতে সংযোগ বিচ্ছিন্ন কৰি দিব লাগে বুলি মন্তব্য কৰা শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে । প্ৰাথমিক তদন্তৰ অন্তত ইমামৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে বেআইনী কাৰ্যকলাপ (ৰোধ) আইনৰ অধীনত গোচৰ ৰুজু কৰিছে ।
লগতে পঢ়কঃঅসম সম্পৰ্কত কৰা মন্তব্যৰ বাবে প্ৰাক্তন JNU ছাত্ৰৰ বিৰুদ্ধে গোচৰ
ইয়াৰ পূৰ্বে ইমামক দেশদ্ৰোহিতাৰ গোচৰত আটক কৰা হৈছিল । শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত বহুকেইটা গোচৰ ৰুজু হৈছিল । নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদৰ নামত দিল্লীৰ শ্বাহিন বাগ তথা জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয় আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ত গৈ ভাৰতবৰ্ষৰ বিৰুদ্ধে উচতনিমুলক মন্তব্য কৰিছিল ইমামে । ইমামৰ এই সমগ্ৰ ভাষণত অসমক ভাৰতবৰ্ষৰ পৰা পৃথক কৰি দিব লাগে বুলি স্পষ্টভাৱে উল্লেখ আছিল আৰু তাৰ দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ।