শিৱসাগৰ,17 আগষ্টঃউগ্ৰ হিন্দুত্ববাদী সত্যৰঞ্জন বৰুৱা নামৰ লোক এজনৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে । অসম ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি জিন্তু মেছে দাখিল কৰিছে এই এজাহাৰ ।
উল্লেখ্য যে, নিউজ নাও নামৰ এক ৱেব পৰ্টেলত দেওবাৰে সত্যৰঞ্জন বৰুৱা নামৰ লোকজনে মুছলমান সকলক মাৰিব লাগে বুলি ৰাজহুৱা ভাবে দিয়া উচটনিমূলক বক্তব্য সম্প্ৰচাৰিত হৈছিল । সামাজিক মাধ্যমত প্ৰচাৰ হোৱা উক্ত দৃশ্যাংশত লোকজনে মুছলমান ধৰ্মাৱলম্বীৰ লোক সকলৰ বিৰুদ্ধে কটু মন্তব্য কৰে ৷ তাৰোপৰি সকলো হিন্দু ধৰ্মৰ লোকক একত্ৰিত হৈ মুছলমান সকলক মাৰিব লাগে বুলি সাম্প্ৰদায়িক মন্তব্য দিয়া বুলি গুৰুতৰ অভিযোগ তোলে ছাত্ৰ সংগঠনটোৰ সদস্য সকলে ৷ উক্ত ঘটনাটোৰ বাবে সোমবাৰে সত্যৰঞ্জন বৰুৱা নামৰ লোকজনৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে ৷