মৰাণ, 22 জুন : বৰ অসম গঢ়োতা, অসমীয়া জাতিৰ গৌৰৱ স্বৰ্গদেউ চাওল্যুং চ্যুকাফাৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰা পশ্চিমবংগৰ কলিকতা মহানগৰ নিবাসী, তথাকথিত বুদ্ধিজীৱি গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে অসমত ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি বংগবাসী অসমীয়া সমাজ, অসমে মৰাণহাট আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে ৷
বংগভাষী অসমীয়া সমাজ, অসমৰ সভাপতি প্ৰদীপ সেনশৰ্মা আৰু সম্পাদক কুনাল সাহা স্বাক্ষৰিত এজাহাৰত অভিযোগ কৰা মতে, অসমৰ সাতাম পুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰাৰ লগতে পুনৰ এক অস্থিৰ পৰিবেশ সৃষ্টি কৰাৰ অপচেষ্টা চলোৱা পশ্চিমবংগৰ কলিকতা মহানগৰ নিবাসী তথাকথিত বুদ্ধিজীৱি গৰ্গ চেটাৰ্জীয়ে অসমৰ জাতি-জনগোষ্ঠী সকলোকে একত্ৰিত কৰি বৰ অসম গঢ়োতা স্বৰ্গদেউ চাওল্যুং চ্যুকাফাক চীনৰ পৰা আহি অসম আক্ৰমণ কৰা আক্ৰমণকাৰী বুলি স্বৰ্গদেউ চ্যুকাফাকে নহয়, বৃহত্তৰ অসমীয়া জাতিটোকে অপমান কৰিছে ৷ অসমৰ ইতিহাস নজনা আৰু অসমৰ জলবায়ুৰ লগত কোনো সম্পৰ্ক নথকা গৰ্গ চেটাৰ্জীয়ে যুগ যুগ ধৰি অসমত বসবাস কৰি অসমৰ জাতীয় জীৱনৰ লগত একাত্ম হৈ পৰা বংগীয় অসমীয়াৰ মাজত অপ্ৰীতিকৰ পৰিবেশ সৃষ্টিৰ ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰা বুলিও অভিযোগ তুলিছে ৷ অসমৰ চিৰ শত্ৰু আখ্যাৰে গৰ্গ চেটাৰ্জীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি বিহিবলৈ আৰক্ষীক আহ্বান জনাইছে বংগভাষী অসমীয়া সমাজ, অসমে ৷