নিউজ ডেস্ক, ৩০ এপ্ৰিলঃকোভিড-১৯ৰ সমীক্ষাত জড়িত থকা আশাকৰ্মী শাৰিৰীকভাৱে অপদস্থ কৰা পাঁচগৰাকীকৈ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে কৰ্নাটক আৰক্ষীয়ে ।
বুধবাৰে কৰ্নাটকৰ বিজয়পুৰা অঞ্চলৰ চিংগাড়া অঞ্চলত সংঘটিত হৈছিল এই ঘটনা । অঞ্চলটোত চলি থকা সমীক্ষাৰ মাজতে আশাকৰ্মীসকলৰ ওপৰত আক্ৰমণ সংঘটিত কৰে একাংশই । এই ঘটনাত কেবাগৰাকীও আশাকৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
পৰৱৰ্তী সময়ত আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰায় আশাকৰ্মীসকলে । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে । ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৫৩, ৫০৪ আৰু ৫০৬ৰ অধীনত পাঁচগৰাকী লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
ধৃত লোককেইজন বাছা ছাব ডাফেডেৰা, মেহবুবছাব ডাফেডাৰ, চোহাইল ৱালিকাৰ, চাদ্দাম ডাফেডাৰ আৰু জৈনাবী আৰৱ বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্য়াহত আছে ।