- পিতৃ দিৱসৰ দিনাই পিতৃৰ প্ৰহাৰত প্ৰাণ গ'ল পুত্ৰৰ
- চিলনীবাৰীৰ চুমনীত সংঘটিত হৈছে এই ঘটনা
- পিতৃ মিৰাজ আলীৰ প্ৰহাৰত মৃত্যু পুত্ৰ আব্দুল কালামৰ (16)
- পিতৃয়ে দ্বিতীয় পত্নীৰ উচটনিত কেবাদিন ধৰি প্ৰহাৰ কৰিছিল আব্দুলক
- পিতৃৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল প্ৰথমা পত্নীৰ পুত্ৰ আব্দুল
- কেইবাবছৰ পূৰ্বে মিৰাজৰ প্ৰথমা পত্নীৰ বিবাহ বিচ্ছেদ হৈছিল
- চিকিৎসাধীন অৱস্থাত লখিমপুৰৰ এখন নাৰ্চিং হোমত মৃত্যু ঘটে পুত্ৰ আব্দুল কালাম (16)ৰ
- পিতৃ মিৰাজ আলী সম্প্ৰতি পলাতক
- মাতৃ ৰমজানী বেগমে চিলনীবাৰী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ
- মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ
- ঘটনা সন্দৰ্ভত চিলনীবাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে
নাওবৈচাত পিতৃৰ হাতত প্ৰাণ গ'ল পুত্ৰৰ - ETV BHARAT
চিকিৎসাধীন অৱস্থাত লখিমপুৰৰ এখন নাৰ্চিং হোমত মৃত্যু ঘটে পুত্ৰ আব্দুল কালাম (16)ৰ ৷ পিতৃ মিৰাজ আলী সম্প্ৰতি পলাতক ৷
ETV BHARAT