নিউজ ডেস্ক, ২০ এপ্ৰিলঃবৃহস্পতিবাৰে নিশাৰ ভাগত মহাৰাষ্ট্ৰৰ পৰা চুৰটলৈ বুলি গৈ থকা দুগৰাকী সাধুক নৃংশসভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল একাংশ উন্মাদ লোকে । মহাৰাষ্ট্ৰৰ পালগৰত সংঘটিত হৈছিল এই ঘটনা য'ত আৰক্ষীৰ সন্মুখতে সাধু দুগৰাকীৰ লগতে তেওঁলোকক লৈ অহা বাহনখনৰ চালকগৰাকীকো হত্যা কৰা হৈছিল ।এই ঘটনাৰ পিচতেই মহাৰাষ্ট্ৰৰ শিৱসেনা নেতৃত্বাধীন চৰকাৰক কঠোৰ সমালোচনা কৰাৰ লগতে এই ঘটনাত স্থানীয় আৰক্ষী জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেভেন্দ্ৰ ফাডনাভিজে । ইয়াৰ উপৰিও এই ঘটনাৰ এক উচ্চ-পৰ্যায়ৰ তদন্তৰ দাবী কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়কঃকৰ্নাটকত খোৱাপানীৰ বাবে হাহাকাৰ অৱস্থা
উল্লেখ্য যে, চুৰটৰ এক অন্তিম সংস্কাৰ অনুষ্ঠানত অংশ লোৱাৰ বাবে গৈ থকা অৱস্থাতে পালগৰত এইদৰে আক্ৰমণৰ সন্মুখীন হয় সাধু দুগৰাকী । মহাৰাষ্ট্ৰ আৰক্ষীয়ে দুয়োগৰাকী লোককে চোৰৰ সন্দেহত স্থানীয় জনতাৰ হাতত মৰিবলৈ এৰি দিয়ে । যাৰ ফলত সাধু দুগৰাকীৰ লগতে তেওঁলোকক লৈ অহা গাডীচালকগৰাকীয়ো মৃত্যুমুখত পৰে । নিহত তিনিওগৰাকীকে চিকনে মহাৰাজ কল্পভ্ৰুক্ষাগিৰি (৭০), সুশীলগিৰি মহাৰাজ (৩৫) আৰু গাড়ীচালকগৰাকী নীলেশ টালগেড়ে (৩০) বুলি চিনাক্ত কৰা হৈছে ।
তিনিওগৰাকী লোকৰ এই হত্যাকাণ্ডৰ সৈতে স্থানীয় আৰক্ষী জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ফাডনাভিজে । আনহাতে দেশৰ ভিতৰতে সৰ্বাধিক সংখ্যক কৰ'ণা আক্ৰান্ত থকা মহাৰাষ্ট্ৰত কিদৰে আৰক্ষীৰ উপস্থিতিতো এইদৰে একাংশ লোক একত্ৰিত হ'ব পালে তাক লৈয়ো প্ৰশ্নৰ উত্থাপন হৈছে । লকডাউনৰ কঠোৰ নীতি-নিয়ম উলংঘা কৰি এইদৰে তিনিগৰাকীকৈ ব্যক্তিক উন্মত্ত জনতাৰ হাতত মৰিবলৈ এৰি দিয়া মহাৰাষ্ট্ৰ আৰক্ষীৰ বিৰুদ্ধে চৰকাৰ তথা কেন্দ্ৰীয় গৃহ বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব । অৱশ্যে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ আৰক্ষীয়ে ১১১ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে, যাৰ ভিতৰত ৯ গৰাকী কিশোৰ আছে ।
লগতে পঢ়কঃহৃদয় বিদাৰক ! কৰ্ণাটকত লকডাউনৰ মাজতে অনাহাৰীৰ কান্দোন