গুৱাহাটী, 23 জুলাই : লকডাউনৰ মাজতো মহানগৰীত চলি আছে সুৰাৰ ৰমৰমীয়া বেহা । বৃহস্পতিবাৰে আৱকাৰী বিভাগৰ গুৱাহাটী সদৰ শাখাৰ নেতৃত্বত এটা দলে চুলাইৰ বিৰুদ্ধে অভিযান চলায় । মহানগৰীৰ বিভিন্ন এলেকাত এই অভিযান চলায় বিভাগে ।
মহানগৰীৰ উলুবাৰী কছাৰীবস্তি,গুৱাহাটী ৰে'লৱে ষ্টেচন কলনী,ফাচীবজাৰৰ ২নং,৩নং গেট,আঠগাঁও আদিত চলে চুলাই বিৰোধী অভিযান । এই অভিযানকালত দলটোৱে ৪৬০ লিটাৰ চুলাই জব্দ কৰে । অভিযানকালত চুলাই প্ৰস্তুত কৰা কেইবাটাও ভাটি উচ্ছেদ কৰে অভিযানকাৰী দলটোৱে ।