অসম

assam

ETV Bharat / jagte-raho

প্ৰাক্তন আৰক্ষী অধীক্ষকৰ পুত্ৰৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত নামচাই - তাই খামটি ছাত্ৰ সন্থা

অৰুনাচল প্ৰদেশৰ নামচাইত অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকৰ পুত্ৰৰ ৰহস্যজনক মৃত্যুক লৈ সহস্ৰাধিকৰ প্ৰতিবাদী সমদল ৷

সহস্ৰাধিকৰ প্ৰতিবাদী সমদল
সহস্ৰাধিকৰ প্ৰতিবাদী সমদল

By

Published : Nov 19, 2020, 8:15 AM IST

শদিয়া, 19 নবেম্বৰ :বিগত 14 নবেম্বৰ তাৰিখে অৰুনাচল প্ৰদেশৰ নামচাই জিলাৰ চৌখামত মৃত্যু হৈছিল এজন যুৱকৰ ৷ অৰুণাচল প্ৰদেশৰ অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক চাও জেনিয়া নামচুমৰ পুত্ৰ সংগম নামচুকৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল ৷ ৰহস্যজনক এই মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য অব্যাহত আছে নামচাই জিলাত ৷ যুৱকজনৰ ৰহস্যজনক মৃত্যুক এক হত্যাকাণ্ড বুলি দাবী কৰিছে নামচাই জিলাৰ ৰাইজৰ লগতে পৰিয়ালে ৷

ঘটনা অনুসৰি সংগম নামচুমক তেওঁৰেই প্ৰেয়সীৰ সহযোগত মুঠ ছয় গৰাকী বন্ধুয়ে নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ কৰিছে বিভিন্নজনে ৷ অৰুনাচলৰ ডিগাৰু ৰিজৰ্টৰ পৰা বনভোজ খাই উভতি অহাৰ সময়ত নিশা তেঁওক হত্যা কৰাৰ সন্দেহ কৰিছে ৰাইজে ৷

সহস্ৰাধিকৰ প্ৰতিবাদী সমদল

উক্ত হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত চুনপুৰা আৰক্ষীয়ে ইতিমধ্যে তিনিগৰাকী যুৱতী আৰু তিনিজন যুৱকক আটক কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ যুৱকজনৰ হত্যাৰ প্ৰতিবাদত বুধবাৰে নিশা নামচাই চহৰৰ বুদ্ধ মন্দিৰৰ পৰা সদৌ অৰুনাচল প্ৰদেশ ছাত্ৰ সন্থা, তাই খামটি ছাত্ৰ সন্থাৰ উদ্যোগত নামচাইৰ সহস্ৰাধিক জনতাই হাতত মম লৈ এক মৌন সমদল বাহিৰ কৰে ৷ প্ৰতিবাদকাৰীসকলে দোষীক সোনকালে বিচাৰি উলিয়াই শাস্তি প্ৰদানৰ দাবীও উত্থাপন কৰে ৷

লগতে পঢ়ক :দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যুৱকৰ গৃহত মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details