অসম

assam

ETV Bharat / jagte-raho

ধুবুৰীৰ গৌৰীপুৰত আৰক্ষীৰ অভিযানত নিচাজাতীয় টেবলেট সহ আটক যুৱক - বৃহৎ পৰিমাণ

গৌৰীপুৰত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট সহ এজন যুৱক আটক । গৌৰীপুৰৰ চৌৰঙগীমোৰত আটক যুৱকজন । ধৃত যুৱকজন ধুবুৰীৰ নিউ ঘাটৰ শ্বৰিফুল ইছলাম (২৮) বুলি জানিব পৰা গৈছে ।

drugs-sized-in-dhubri
ধুবুৰীৰ গৌৰীপুৰত আৰক্ষীৰ অভিযানত নিচাজাতীয় টেবলেট সহ আটক যুৱক

By

Published : Jan 23, 2021, 10:43 PM IST

ধুবুৰী, 23 জানুৱাৰী : ধুবুৰীৰ গৌৰীপুৰত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট সহ এজন যুৱক আটক । গৌৰীপুৰৰ চৌৰঙগীমোৰত আটক যুৱকজন । ধৃত যুবকজন ধুবুৰীৰ নিউ ঘাটৰ শ্বৰিফুল ইছলাম (২৮) বুলি জানিব পৰা গৈছে । নম্বৰবিহীন স্কুটী এখনত এটা বেগত মুঠ ৪৮৯৬ টা নিচাযুক্ত টেবলেট আৰু কফ ছিৰাফ বেগৰ ভিতৰত ছাগলীয়াৰ পৰা ধুবুৰী অভিমুখে গৈ থকা সময়তে গৌৰীপুৰ আৰক্ষীৰ নিয়মীয়া তালাচীত চৌৰঙগীমোৰত হাতে লোটে ধৰা পৰে ৷

ধুবুৰীৰ গৌৰীপুৰত আৰক্ষীৰ অভিযানত নিচাজাতীয় টেবলেট সহ আটক যুৱক

গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিমাক্ষী নাথ আৰু গৌৰীপুৰ নগৰ উপ-পৰিদৰ্শক ত্ৰিলোচন দাস আৰু যানবাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী বিষয়া সাজাহান সেখৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে তালাচী চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷

আটকাধীন যুৱক

উল্লেখযোগ্য যে, অভিযানত এচ পি এচ পি এইচ ই এন প্লাছ নামৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট উদ্ধাৰ কৰা হয় । অধিক তথ্যৰ বাবে জেৰা আৰম্ভ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক :গণতন্ত্ৰ দিৱসত প্ৰদৰ্শিত হ’ব বাংলাদেশত নিৰ্মিত BD-08 বন্দুক

ABOUT THE AUTHOR

...view details