অসম

assam

By

Published : Jun 19, 2020, 3:32 AM IST

ETV Bharat / jagte-raho

মহানগৰীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত ড্ৰাগছসহ আটক দুই

চাহৰা বেগম নামৰ এগৰাকী মহিলাই ড্ৰাগছ বিক্ৰী কৰি থকা মুহূৰ্তত হাতে লোটে ধৰা পৰাৰ লগতে ড্ৰাগছ সৰবৰাহ কৰাৰ লগত জড়িত এজন কিশোৰক আটক কৰিবলৈ সক্ষম হয় ।

মহানগৰীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত ড্ৰাগছসহ আটক দুই
মহানগৰীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত ড্ৰাগছসহ আটক দুই

গুৱাহাটী, 18 জুন : ক'ৰণা ভাইৰাছৰ আতংকৰ মাজতে ৰাজ্যত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । অপৰাধ ঘাটি হিচাপে পৰিগণিত হোৱা গান্ধীবস্তিৰ ৰে'ল লাইনৰ সমীপত ড্ৰাগছ বিক্ৰী কৰি থকাৰ মুহূৰ্তত ক্ৰাইম ব্ৰাঞ্চ আৰু চান্দমাৰী আৰক্ষী থানাৰ যুটীয়া প্ৰচেষ্টাত উদ্ধাৰ কৰা হয় ড্ৰাগছ আৰু নগদ টকা । চাহৰা বেগম নামৰ এগৰাকী মহিলাই ড্ৰাগছ বিক্ৰী কৰি থকা মুহূৰ্তত হাতে লোটে ধৰা পৰাৰ লগতে ড্ৰাগছ সৰবৰাহ কৰাৰ লগত জড়িত এজন কিশোৰক আটক কৰিবলৈ সক্ষম হয় ।

মহানগৰীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত ড্ৰাগছসহ আটক দুই

জানিব পৰা অনুসৰি মহানগৰীত দিনক দিনে বাঢ়ি অহা অপৰাধ সমূহৰ মুখ্য ঘাটিলৈ পৰিণত হোৱা বিভিন্ন স্থান সমূহত ক্ৰাইম ব্ৰাঞ্চ আৰু আৰক্ষীয়ে অভিযান চলাই আহিছে । চান্দমাৰী থানাৰ আৰক্ষী বিষয়া চন্দ্ৰ কমল বড়োৱে জানিবলৈ দিয়া অনুসৰি 12 টা ড্ৰাগছ ভৰ্তি টেমা আৰু খালী 23 টা কন্টেইনাৰৰ লগতে ড্ৰাগছ 6.91 গ্ৰাম আছিল ৷ আনহাতে আটক হোৱা মহিলা গৰাকীৰ পৰা 4920 টকা নগদ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

লগতে পঢ়কঃউৎকোচ লোৱাৰ অভিযোগত কৰায়ত্ব বন সংৰক্ষক

ABOUT THE AUTHOR

...view details