হায়দৰাবাদ, 29 মে’:হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত নিয়মিয়া তালাচিত জব্দ হয় বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট ৷ মঙলবাৰে ডি আৰ আইৰ কেইগৰাকীমান বিষয়াই যুটীয়াভাৱে জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় 11.1 কেজি ওজনৰ সোণখিনি ৷ পুৱতি নিশা ডুবাইৰ পৰা অহা এগৰাকী মহিলাৰ পৰা অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰে বহৎ পৰিমাণৰ সোণখিনি ৷ বিষয়াসকলে জব্দ কৰা বিদেশী চিহ্নযুক্ত এই অবৈধ সোণখিনিৰ বজাৰ মূল্য হ’ব প্ৰায় 3 কোটি 63 লাখ 52 হাজাৰ পাঁচশ টকা ৷
হায়দৰাবাদ বিমানবন্দৰত জব্দ সোণ সহ প্ৰায় 1.5 কোটি বিদেশী মূদ্ৰা - DRI Hyderabad seized 11.1 kg gold
হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত ডুবাইৰ পৰা অহা এগৰাকী মহিলাৰ পৰা জব্দ প্ৰায় 11.1 কে.জি ওজনৰ সোণ ৷ এই ঘটনাৰ পম খেদিয়েই পৰৱৰ্তী পৰ্যায়ত অভিযানকাৰী দলটোৱে এখন পঞ্চতাৰকা যুক্ত হোটেলৰ পৰা জব্দ কৰে 1.5 কোটি বিদেশী মূদ্ৰা ৷
etv bharat
এই ঘটনাৰ পম খেদিয়েই পৰৱৰ্তী পৰ্যায়ত অভিযানকাৰী দলটোৱে পঞ্চতাৰকা যুক্ত হোটেলৰ পৰা জব্দ কৰে 1.5 কোটি বিদেশী মূদ্ৰা ৷ কাষ্টম এক্ট 1962 ৰ অধীনত সম্প্ৰতি জব্দ কৰা হৈছে সোণখিনি ৷ লগতে মহিলা যাত্ৰী গৰাকীক আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷
Last Updated : May 29, 2019, 5:25 AM IST