অসম

assam

ETV Bharat / jagte-raho

ডিফুত মোবাইল ফোন আৰু অলংকাৰসহ চোৰ গ্ৰেপ্তাৰ - ডিফু থানা

পাহাৰীয়া জিলা কাৰ্বি আংলঙত দিনক-দিনে বৃদ্ধি পাই অহা মোবাইল চোৰৰ ঘটনাৰ সময়তে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত আ-অলংকাৰ আৰু এণ্ড্ৰইড মোবাইলসহ এটা চোৰ কৰায়ত্ত ৷

ডিফুত মোবাইল ফোন আৰু অলংকাৰসহ চোৰ গ্ৰেপ্তাৰ
ডিফুত মোবাইল ফোন আৰু অলংকাৰসহ চোৰ গ্ৰেপ্তাৰ

By

Published : Aug 29, 2020, 7:24 PM IST

ডিফু, 29 আগষ্ট : পাহাৰীয়া জিলা কাৰ্বি আংলঙত দিনক-দিনে বৃদ্ধি পাই অহা মোবাইল চোৰৰ ঘটনাৰ সময়তে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত আ-অলংকাৰ আৰু এণ্ড্ৰইড মোবাইলসহ এটা চোৰক আটক কৰা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি, যোৱা মাহত ডিফু থানা এলেকাৰ তাৰলাংছৰ সমীপৰ লংৰিক ৰংহাঙ গাঁৱৰ এখন ঘৰত নিশা ঘৰৰ লোক নিদ্ৰামগ্ন হৈ থকাৰ পিছত কোনো অজ্ঞাত দূৰ্বৃত্তই নিশা ঘৰত প্ৰৱেশ কৰি এটা সোণৰ আঙুঠি, এটা ৰূপৰ আঙুঠি, ৰূপৰ নেকলেছ আৰু দুটাকৈ এণ্ড্ৰইড মোবাইল ফোনৰ লগতে নগদ ধন চুৰি কৰি লৈ যায় বুলি এজাহাৰ লাভ কৰে ৷

উক্ত এজাহাৰৰ ভিত্তিত ডিফু থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ধাৰা 380 আৰু 137/2020 এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল ৷ শুকুৰবাৰে পুনৰ এজাহাৰত উল্লেখ থকা চুৰি মোবাইল ফোন দুটাৰ আইএমআই ট্ৰেক কৰি ডিফু মিথিফাঙৰ পৰা চুৰি হোৱা আ-অলংকাৰ আৰু মোবাইলসহ মোবাইল চোৰটোক ডিফু আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত চোৰটো চোৰটো হাওৰাঘাট থানা এলেকাৰ জালজুৰিৰ নিবাসী জয়ৰাম স্বৰ্গীয়াৰীৰ পুত্ৰ অনিল স্বৰ্গীয়াৰী (৩০) বুলি চিনাক্ত কৰা হৈছে ৷ চোৰটোৰ কৱলৰ পৰা আৰক্ষীয়ে এডাল ৰূপৰ চেইন, এটা সোণৰ আঙুঠি, এটা ৰূপৰ আঙুঠি, দুটা তামৰ আঙুঠি আৰু দুটা এণ্ড্ৰইড মোবাইল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ ধৃত অনিল স্বৰ্গীয়াৰীক আজি ডিফু আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :নাজিৰাত লেপটপ চোৰৰ বিলৈ..

For All Latest Updates

ABOUT THE AUTHOR

...view details