ধুবুৰী, 9 মে': ধুবুৰীৰ চৰকাৰী উচ্চ পদস্থ বিষয়াৰ আৱাসত ধুবুৰী জিলা শ্ৰম বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ অভিযান ৷ জিলা সমাজ কল্যাণ বিষয়া কিশোৰী বৰুৱাৰ নেতৃত্বত শ্ৰম বিভাগ আৰু শিশু সুৰক্ষা সমিতিৰ বিষয়ববীয়াই জিলা গড়কাপ্তানি (গৃহ) বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দিলীপ শৰ্মাৰ চৰকাৰী আৱাসত অভিযান চলায়। বিষয়াগৰাকীয়ে সহযোগ কৰাৰ বিপৰীতে বাধা প্ৰদান কৰাৰ ফলত দুয়োপক্ষৰ মাজত সৃষ্টি হয় বিতৰ্কৰ।
ধুবুৰীত চৰকাৰী বিষয়ৰ ঘৰত উদ্ধাৰ শিশু শ্ৰমিক - ধুবুৰী
ধুবুৰীত চৰকাৰী বিষয়াৰ ঘৰত শিশু শ্ৰমিক বিৰোধী অভিযান। চৰকাৰী উচ্চ পদস্থ বিষয়াৰ ঘৰত শ্ৰম বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ যৌথ অভিযানত উদ্ধাৰ পোন্ধৰ বছৰীয়া কিশোৰ
ধুবুৰীত চৰকাৰী বিষয়ৰ ঘৰত উদ্ধাৰ শিশু শ্ৰমিক
উল্লেখযোগ্য যে, বুধবাৰে দলটোৱে অভিযান চলাইছিল যদিও বিষয়াগৰাকী ঘৰত নথকাৰ ফলত কিশোৰ গৰাকীক উদ্ধাৰ কৰি দিলীপ শৰ্মাক সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ত শুনানীত অংশ গ্ৰহণৰ বাবে এক জাননী দিয়ে। কিন্তু অভিযানকাৰী দলটোৰ নিৰ্দেশ অৱমাননা কৰে বিষয়া গৰাকীয়ে ৷ অৱশেষত বিষয়া গৰাকীৰ বাধা নেওচি বৃহস্পতিবাৰে কিশোৰ গৰাকীক উদ্ধাৰ কৰি আনে অভিযানকাৰী দলটোৱে ৷ কিন্তু এই অভিযোগ মানি লোৱাৰ বিপৰীতে কিশোৰ গৰাকীক নিজৰ সম্পৰ্কীয় ল'ৰা বুলিহে দাবী কৰে বিষয়াগৰাকীয়ে ৷