ধুবুৰী,6অক্টোবৰঃ ধুবুৰীৰ গৌৰীপুৰত 2 গভাইত চোৰ আটক৷ দীৰ্ঘদিন ধৰি গৌৰীপুৰ থানাৰ অন্তৰ্গত আশাৰীকান্দি, ঝালোৰ আলগা, দলসিংহেৰ আলগা, বাঘমাৰা আদি অঞ্চলত এটা চোৰৰ দলে সন্ত্ৰাস সৃষ্টি কৰি আহিছে ৷ দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰি কাৰ্য চলাই ৰাইজৰ নিদ্ৰা হৰণ কৰা এই চোৰৰ দলটো অৱশেষত দেওবাৰে ৰাইজৰ ৰোষত পৰে ৷ শনিবাৰে নিশা দুজনকৈ লোকৰ ঘৰৰ পৰা 2 খন চাইকেল আৰু এটা মাছমৰা জাল চুৰি কৰাৰ পিছত দেওবাৰে ৰাইজে অনুসন্ধান চলাই ঝালোৰ আলগা বজাৰত চোৰ এটাক আটক কৰি উত্তম-মাধ্যম সোধাই ৷ ইপিনে সাহাবুদ্দিন সেখ নামৰ চোৰটোৱে লগত আন প্ৰায় ৫ জনকৈ গভাইত চোৰ জড়িত থকা বুলি জানিব দিয়ে ৷ ৰাইজে মৰেল পুলিচৰ দৰে মাৰপিট কৰি অৱশেষত চোৰটোক গৌৰীপুৰ আৰক্ষীক গতাই দিয়ে ৷ ইফালে গৌৰীপুৰ আৰক্ষীয়ে ধৃত চোৰ সাহাবুদ্দিন সেখৰ দ্বাৰা আন এটা গভাইত চোৰ ছামচুল হকক টেলিফোন কৰি অনুসন্ধানলৈ আটক কৰিবলৈ সক্ষম হয় ৷
ধুবুৰীত গভাইত চোৰ আটক; আৰক্ষীৰ অনুসন্ধান অব্যাহত - ধুবুৰী
ধুবুৰীৰ গৌৰীপুৰত গভাইত চোৰ আটক ৷ ৰাইজে আটক কৰি উত্তম মধ্যম সোধাই গতালে আৰক্ষীক ৷ ধৃতচোৰদ্বয় ক্ৰমে সাহাবুদ্দিন সেখ আৰু ছামচুল হক বুলি জনা গৈছে৷ চাইকেল, মোবাইল, টকাপইচা আদি বিভিন্ন বস্তু চোৰ কৰি ৰাইজক হাৰাশাস্তি ভোগাই অহা চোৰ কেইটা দেওবাৰে ৰাইজৰ ৰোষত পৰে ৷

ধুবুৰীত গভাইত চোৰ আটক
ধুবুৰীত গভাইত চোৰ আটক
আনহাতে ঘটনাৰ লগত জড়িত আন কেইবাটাও চোৰ ইতিমধ্যে পলায়ন কৰা বুলি জনা গৈছে৷ আৰক্ষীয়ে চোৰ কেইটাৰ বিৰুদ্ধে অনুসন্ধান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই ।