ধুবুৰী, 7 নৱেম্বৰঃ ধুবুৰীৰ আগমণি আৰক্ষী থানাৰ অন্তৰ্গত বেলগুৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিশা সংঘটিত হ'ল চাঞ্চল্যকৰ ঘটনা । স্থানীয় বজাৰত কম্পিউটাৰৰ দোকান দি ব্যৱসায় চলোৱা অঞ্চলটোৰ মুন আলী নামৰ যুৱ ব্যৱসায়ীজনে নিশা দোকান বন্ধ কৰি চাইকেলেৰে ঘৰলৈ আহি থকা অৱস্থাত স্থানীয় ৰকিবুল আৰু খাইৰুল হক নামৰ দুই যুৱকে মুনক আগভেটি ধৰি ৰডেৰে মাৰপিট কৰে। ইয়াতেই ক্ষান্ত নাথাকি মুনৰ পকেটৰ পৰা নগদ ত্ৰিশ হাজাৰ টকা আৰু মোবাইল কাঢ়ি লৈ বিদ্যুতৰ খুটাত বান্ধি থৈ যায়। অৱশ্যে এনে সময়তে আগমণি আৰক্ষীয়ে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ মুনক উদ্ধাৰ কৰে যদিও আক্ৰমণকাৰীদ্বয় পলাই যাবলৈ সক্ষম হয়। পাছত ব্যৱসায়ীজনক গুৰুতৰ অৱস্থাত আগমণি স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ৷ কিন্তু অৱস্থা অধিক জটিল হোৱাত উন্নত চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইতিমধ্যেধুবুৰী অসামৰিক চিকিৎসালয়তে চিকিৎসাধীন অৱস্থাত আছে যদিও ব্যৱসায়ীজনক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰে মুনৰ আত্মীয়ই।
ধুবুৰীত নিশা ব্যৱসায়ীক আক্ৰমণ কৰি লুটি নিলে ধন - আগমণি স্বাস্থ্য কেন্দ্ৰ
ধুবুৰীত কম্পিউটাৰৰ দোকান দি ব্যৱসায় চলোৱা মুন আলী নামৰ যুৱ ব্যৱসায়ীজনে নিশা দোকান বন্ধ কৰি চাইকেলেৰে ঘৰলৈ অহা পথতে স্থানীয় দুই যুৱকে মুনক আগভেটি ধৰি ৰডেৰে মাৰপিট কৰে । ইতিমধ্যে ধুবুৰী অসামৰিক চিকিৎসালয়তে চিকিৎসাধীন অৱস্থাত আছে যদিও ব্যৱসায়ীজনক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰে মুনৰ আত্মীয়ই ।
ধুবুৰীত নিশা ব্যৱসায়ীক আক্ৰমণ;
আনহাতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আগমণি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে ৷
লগতে পঢ়কঃনগৰ অঞ্চলৰ বাবে কঠিন সময় !