অসম

assam

ETV Bharat / jagte-raho

ছাত্ৰ-ছাত্ৰীক নিৰ্মম অত্যাচাৰ অধ্যক্ষৰ - ETV BHARAT

দেৰগাঁৱৰ টিকিৰাই চাপৰিৰ এইচ এছ আই মিছনেৰি বিদ্যালয়ৰ অধ্যক্ষ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক শাৰীৰিক অত্যাচাৰ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ শেহতীয়াকৈ পুনৰবাৰ বিদ্যালয়খনৰ ছাত্ৰাবাস আৰু ছাত্ৰীবাসৰ ছাত্ৰ-ছাত্ৰীসকল নিৰ্মমভাৱে মাৰপিট কৰাৰ কথা উমান পাই স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷

ETV BHARAT

By

Published : Apr 12, 2019, 3:53 AM IST

দেৰগাঁও, 12 এপ্ৰিলঃ দেৰগাঁৱৰ টিকিৰাই চাপৰিৰ এইচ এছ আই মিছনেৰি বিদ্যালয়ৰ অধ্যক্ষ বিৰুদ্ধে গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ বৃহস্পতিবাৰে হঠাতে বিদ্যালয়খনৰ ছাত্ৰাবাস আৰু ছাত্ৰীবাসৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত অধ্যক্ষগৰাকীয়ে শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগ তুলিলে স্থানীয় ৰাইজে ৷ অধ্যক্ষগৰাকীৰ এই নিৰ্মম আক্ৰমণত আহত হয় কেইবাগৰাকীও শিক্ষাৰ্থী ৷ অধ্যক্ষগৰাকীৰ এনে কাণ্ডৰ বাবে অঞ্চলটোৰ লোকসকল ক্ষোভিত হৈ লগে লগে দেৰগাঁও আৰক্ষীক খবৰ দিয়ে ৷

ইয়াৰোপৰি, ৰাইজৰ অভিযোগ, দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন প্ৰলোভনেৰে বিদ্যালয়খনত ভৰ্তি কৰোৱাই অধ্যক্ষগৰাকীয়ে ইয়াৰ পূৰ্বেও বহুবাৰ অত্যাচাৰ কৰি আহিছে ছাত্ৰ-ছাত্ৰীসকলক ৷ কেৱল এয়ে নহয় ছাত্ৰ-ছাত্ৰীসকলৰ লগতে হোষ্টেলৰ মহিলা ৱাৰ্ডেন গৰাকীকো মাৰপিট কৰে বুলি প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details