নিউজ ডেস্ক, 17 নবেম্বৰ : এক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল দিল্লীবাসী ৷ দিল্লী আৰক্ষীৰ অভিযানত ধৰা পৰে দুগৰাকীকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ৷ দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ অভিযানত ধৰা পৰা দুয়োগৰাকী সন্ত্ৰাসবাদী পাকিস্তানৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদৰ সদস্য বুলি জানিব পৰা গৈছে ৷ ধৃত দুই সন্ত্ৰাসবাদীৰ ঘৰ জম্মু-কাশ্মীৰৰ বাৰামুলা আৰু খ্যাডাৰ বুলি জনাইছে দিল্লী আৰক্ষীৰ শীৰ্ষ সূত্ৰই ৷
ধৃত সন্ত্ৰাসবাদী দুগৰাকী আব্দুল লতিফ আৰু মহম্মদ আশ্ৰফ খটানা বুলি জনাইছে দিল্লী আৰক্ষীয়ে ৷ দিল্লী আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিতে দুয়োগৰাকী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ দিল্লীৰ চাৰাই কালাৰ মিলেনিয়াম পাৰ্কৰ পৰা দুয়োটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে বিশেষ শাখাই ৷ ধৃত দুয়োগৰাকী সন্ত্ৰাসবাদীৰ পৰা বৃহৎ পৰিমানে বিস্ফোৰক সামগ্ৰী আৰু দিল্লীৰ নক্সাকে ধৰি অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে ৷