অসম

assam

পঞ্জাৱ সুৰা ট্ৰেজেডী : নিহতৰ সংখ্যা 104লৈ বৃদ্ধি

By

Published : Aug 2, 2020, 11:00 PM IST

বিষাক্ত সুৰা সেৱন কৰি পঞ্জাৱত মৃত্যু হোৱা লোকৰ সংখ্যা 104 গৰাকীলৈ বৃদ্ধি পাইছে ৷ তিনিখনকৈ জিলাত সংঘটিত হোৱা এই ঘটনাত টাৰ্ণ টৰণ জিলাতেই সৰ্বাধিক 75 গৰাকী লোকৰ প্ৰাণ কাঢ়ি নিছে ৷

পঞ্জাৱ সুৰা ট্ৰেজেডী : নিহতৰ সংখ্যা 104লৈ বৃদ্ধি
পঞ্জাৱ সুৰা ট্ৰেজেডী : নিহতৰ সংখ্যা 104লৈ বৃদ্ধি

নিউজ ডেস্ক, 2 আগষ্ট :পঞ্জাৱৰ বিষাক্ত সুৰা ট্ৰেজেডীত এতিয়ালৈকে সৰ্বাধিকসংখ্যক 104 গৰাকী লোকে প্ৰাণ ত্যাগ কৰিছে ৷ পঞ্জাৱৰ তিনিখনকৈ জিলাত সংঘটিত হোৱা ঘটনাত দেওবাৰে পুনৰ 12 গৰাকী লোক নিহত হয় আৰু মৃত্যুৰ সংখ্যা 104 গৰাকীলৈ বৃদ্ধি পায় ৷

লগতে পঢ়কঃ40 লাখ মূল্যৰ কানিসহ 7 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

বুধবাৰে আবেলিৰ ভাগত এই ঘটনা পোহৰলৈ আহে ৷ এতিয়ালৈকে পঞ্জাৱৰ টাৰ্ণ টৰণ জিলাত 75 গৰাকী,অমৃতসৰত 12 গৰাকী আৰু গুৰদাসপুৰত 11গৰাকী মৃত্যুমুখত পৰিছে ৷

লগতে পঢ়কঃপঞ্জাৱত ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান

ঘটনা সন্দৰ্ভত পঞ্জাৱ চৰকাৰে এক ন্যায়িক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ বিষয়ে ঘোষণা কৰিছে ৷ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে ইতিমধ্যে আৱকাৰী বিভাগৰ 7 গৰাকী আৰু আৰক্ষী বিভাগৰ 6 গৰাকী বিষয়াক নিলম্বন কৰিছে ৷ পঞ্জাৱ চৰকাৰে নিহতসকলৰ পৰিয়াললৈ 2 লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৷

লগতে পঢ়কঃলালকৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশীক ৰাম মন্দিৰ ভূমি পূজনলৈ আমন্ত্ৰণ

ABOUT THE AUTHOR

...view details