বৰমা, 30 মাৰ্চঃ বাক্সা জিলাৰ বৰমাত বুধবাৰে এটি মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । বৰমা মাধপুৰৰ নচিবুৰ ৰহমান নামৰ ব্যক্তি এগৰাকীৰ ঘৰুৱা পুখুৰীত প্ৰায় উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো ৷ মৃতদেহটো উক্ত অঞ্চলৰে আৰেফ আলী বুলি চিনাক্ত কৰা হৈছে ।
বাক্সাৰ বৰমাত মৃতদেহ উদ্ধাৰ - Crime news at baksha
বৰমা মাধপুৰৰ নচিবুৰ ৰহমান নামৰ ব্যক্তিএগৰাকীৰ পুখুৰীত উদ্ধাৰ হয় মৃতদেহটো ৷ মৃতদেহটো বৰমা মাধপুৰৰ আৰেফ আলী বুলি চিনাক্ত ৷ হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ ।
বাক্সাৰ বৰমাত মৃতদেহ উদ্ধাৰ
ব্যক্তিজনৰ পৰিয়ালৰ সন্দেহ, হত্যা কৰি ব্যক্তিজনক পেলাই দিয়া হৈছিল পুখুৰিটোত । পৰিয়ালৰ লোকে ৰফিক আলী আৰু জেহেৰুল আলী নামৰ ব্যক্তিদুজনৰ বিৰুদ্ধে হত্যাৰ সন্দেহ আগবঢ়াছে ।
ইতিমধ্যে আৰক্ষীয়ে জেহেৰুল আলী আৰু হাচিম আলী ( কলা) নামৰ দুজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে যদিও ৰফিক আলী নামৰ লোক জন পলাতক হৈ আছে ।