হাইলাকান্দি, 31 আগষ্ট: হাইলাকান্দি জিলাত চাঞ্চল্যকৰ ঘটনা ৷ জিলাখনৰ লালা বজাৰত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ । সোমবাৰ পুৱা লালা বজাৰ নগৰৰ চেন্ট্ৰেল ৰোডত থকা তৃপ্তি হোটেল নামৰ এখন হোটেলৰ পিছফালে স্থানীয় ৰাইজে অৰ্ধ উলংগ অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ পিচত ঘটনা সন্দৰ্ভত অৱগত কৰা হয় লালা আৰক্ষীক ।
হাইলাকান্দিত মহিলাৰ মৃতদেহ উদ্ধাৰ, ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ - Deadbody recoverd at Hailakandi
হাইলাকান্দিৰ চেন্ট্ৰেল ৰোডত থকা তৃপ্তি নামৰ এটা হোটেলৰ পিছফালে অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ ৷ ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ ৷
Deadbody recoverd at Hailakandi
মানসিক ভাৰসাম্যহীন মহিলাগৰাকীক কোনোবা লোকে ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ । ইতিমধ্যে লালা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ।