নিউজ ডেস্ক, 22 মে' : ৱাড়াংগল জিলাৰ এটা কুৱাৰ ভিতৰত উদ্ধাৰ হৈছে 9টাকৈ শ্ৰমিকৰ মৃতদেহ ৷ জিলাখনৰ গোৰেকুন্টা গাঁৱৰ এটা কুৱাৰ ভিতৰত উদ্ধাৰ হয় শ্ৰমিককেইজনৰ মৃতদেহকেইটা ৷
কুৱাৰ ভিতৰত উদ্ধাৰ 9গৰাকী শ্ৰমিকৰ মৃতদেহ - Migrant worker
লকডাউনৰ মাজতে ৱাড়াংগল জিলাত উদ্ধাৰ হৈছে 9টাকৈ শ্ৰমিকৰ মৃতদেহ ৷ এটা কুৱাৰ ভিতৰৰ পৰা উদ্ধাৰ হয় শ্ৰমিককেইজনৰ মৃতদেহবোৰ ৷
প্ৰথম অৱস্থাত কুৱাটোৰ ভিতৰত পাঁচগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয় ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তালাচীত কুৱাটোৰ পৰা আৰু চাৰিগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ মৃতদেহকেইটা ইতিমধ্য চিনাক্ত কৰা হৈছে আৰু আটাইকেইটা মৃতদেহ একেটা পৰিয়ালৰে বুলি জানিব পৰা গৈছে ৷
ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ দেশযুৰি চলি থকা লকডাউনৰ মাজতে এইদৰে একেটা পৰিয়ালৰে 9গৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ এতিয়া সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জানিব পৰা অনুসৰি, আটাইকেইগৰাকী ব্যক্তি পশ্চিমবংগৰ বাসিন্দা আছিল আৰু তেওঁলোক বিগত 20 বছৰ ধৰি ৱাড়াংগলত শ্ৰমিক হিচাপে আছিল ৷