দৰং, 9 জুন :মঙলদৈৰ 15নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শাকতোলাত ডকাইত আৰু আৰক্ষীৰ মাজত পুৱতি নিশা সংঘটিত হয় ধাৰাসাৰ গুলিয়াগুলি ৷ পুৱতি নিশা প্ৰায় 3.30 বজাত দুখন পালচাৰ বাইকেৰে ছিপাঝাৰ অভিমুখে গৈ থকা অৱস্থাত শাকতোলাত তহল দি থকা আৰক্ষীৰ সৈতে ডকাইতৰ দলটো মুখামুখি হয় ৷ কিন্তু আন্ধাৰৰ সুযোগ লৈ এখন বাইক মথাউৰিৰে আৰু আন এখন বাইক ছিপাঝাৰ অভিমুখে পলাবলৈ চেষ্টা কৰোতে ডকাইত আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় ৷
দৰং আৰক্ষীৰ গুলিত নিহত এজন ডকাইত
মঙলদৈৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শাকতোলাত আৰক্ষী আৰু ডকাইতৰ মাজত হোৱা গুলিয়াগুলিত নিহত হয় এটা ডকাইত ৷ পুৱতি নিশা সংঘটিত হোৱা গুলিয়াগুলিৰ ফলত নিহত হয় ডকাইতটো ৷
দৰং আৰক্ষীৰ গুলিত নিহত এজন ডকাইত
আৰক্ষীৰে হোৱা সংঘৰ্ষত এজন ডকাইত থিতাতে নিহত হয় আৰু বাকী তিনিজন ডকাইত পলাই যাবলৈ সক্ষম হয় ৷ নিহত ডকাইতটোৰ পৰা এটা .22 পিষ্টল, মোবাইল আৰু নম্বৰ প্লেটবিহীন Pulser বাইক এখন জব্দ কৰে আৰক্ষীয়ে ৷ আনহাতে বাকী তিনিটা ডকাইতৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷
লগতে পঢ়কঃচৈধ্য দিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ জাজৰি কাণ্ডৰ অভিযুক্ত দুই আৰক্ষীক