মহানগৰীত নিশা ডকাইতিৰ ঘটনা। বৃদ্ধ দম্পতিৰ হাত-ভৰি বান্ধি ডকাইতৰ দলে লুটি লৈ গ'ল ৩ লাখকৈ টকা। এই ঘটনা সংঘটিত হৈছে বশিষ্ঠৰ গণেশনগৰত। অসম চৰকাৰৰ হস্ত তাঁত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ অতিৰিক্ত সচিব কনক সেন ডেকাৰ বাসগৃহত নিশা সংঘটিত হয় ডকাইতিৰ ঘটনাটো।
মহানগৰীত বন্দুকধাৰী ডকাইতৰ তাণ্ডৱ - গুৱাহাটী ডকাইতি
পৰিয়ালটোৰ হাত-ভৰি বান্ধি ডকাইতৰ দলে লুটি লৈ যায় নগদ ৩ লাখ টকাসহ সোণ-ৰূপৰ অলংকাৰ।
etv bharat
নিশা প্ৰায় ১.৩০ বজাত অস্ত্ৰধাৰী যুৱকৰ দল এটাই বলপূৰ্বকভাৱে প্ৰৱেশ কৰে কনক সেন ডেকাৰ বাসগৃহত। তাৰপাচতেই পৰিয়ালটোৰ হাত-ভৰি বান্ধি দলটোৱে লুটি লৈ যায় নগদ ৩ লাখ টকাসহ সোণ-ৰূপৰ অলংকাৰ। ঘটনাৰ পাচতেই ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ ডকাইতৰ দলটোৰ অনুসন্ধান অব্যাহত ৰাখিছে।