নিউজ ডেস্ক, 23 ডিচেম্বৰ :বেংগালুৰু চাইবাৰ আৰক্ষী চকীত এগৰাকী ঠগৰ বিৰুদ্ধে ৰুজু হৈছে চাইবাৰ অপৰাধৰ ঘটনা ৷ ফেচবুকত ভুৱা পৰিচয় দি ৰাইজৰ পৰা টকা লুটি নিয়াৰ ঘটনা সংঘটিত হৈছে ৷ দৰাচলতে নিজকে ড৹ ৰূপা নামে পৰিচয় দি ৰাইজৰ পৰা টকা সংগ্ৰহ কৰে অপৰাধীয়ে ৷ ড৹ ৰূপাই বৰ্তমানে গৃহ সচিবৰ কাৰ্যালয়ত এগৰাকী আৰক্ষী মহাপৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছে ৷
চাকোলিন চৌধুৰী শৰ্মা নামৰ ফেচবুক একাউন্ট হোল্ডাৰগৰাকীয়ে ড৹ ৰূপাৰ ফটো ব্যৱহাৰ কৰি এই অপৰাধ সংঘটিত কৰে ৷ বিভিন্নজনক ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠাই নিজকে এগৰাকী আইপিএছ হিচাপে চিনাকী দি আৰু বৰ্তমানে অসমত কৰ্মৰত বুলি কৈ এই অপৰাধ সংঘটিত কৰি আহিছে ৷ পৰৱৰ্তী সময়ত মেছেঞ্জাৰত মেছেজ কৰি হোৱাটছ এপ নম্বৰ লৈ তেওঁলোকক ন্যাসৰ নামত টকা বিচাৰে চাকোলিন চৌধুৰী শৰ্মাই ৷