অসম

assam

ETV Bharat / jagte-raho

কৰিমগঞ্জত গৰু চুৰি আৰু হত্যাক লৈ চাঞ্চল্য - আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ

কৰিমগঞ্জত হিন্দু লোকৰ গৰু চুৰি কৰি বিক্ৰী কৰাৰ অভিযোগ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দল কৰিমগঞ্জ জিলা কমিটিৰ ৷ প্ৰমোদ নগৰ এলেকাৰ জনৈক আশিষ শুক্লবৈদ্যৰ গৰু চুৰি কৰি জনৈক ৰফিক উদ্দিনৰ বাগিছাত লৈ গৈ হত্যা কৰি ২২ হাজাৰ টকাত গৰু বিক্ৰী হয় বুলি অভিযোগ উত্থাপন কৰে সংগঠন দুটাই ৷

কৰিমগঞ্জত সৰৱ হিন্দু সংগঠন
কৰিমগঞ্জত সৰৱ হিন্দু সংগঠন

By

Published : May 21, 2020, 4:06 PM IST

কৰিমগঞ্জ, 21 মে’: কৰিমগঞ্জ জিলাত সঘনাই বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা । সঘনাই চুৰ হৈ আছে হিন্দু লোকৰ গৰু । গৰু চুৰ কৰি ২২ হাজাৰ টকাত বিক্ৰী হোৱাৰ লগতে দখল কৰা হৈছে হিন্দু লোকৰ মাটি । এই সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিও একো লাভ হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দল কৰিমগঞ্জ জিলা কমিটিয়ে ।

কৰিমগঞ্জত সৰৱ হিন্দু সংগঠন

ইফালে, আৰ্ন্তজাতিক হিন্দু সংগঠনে অতিৰিক্ত জিলা উপাযুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি এই অভিযোগ উত্থাপন কৰে ৷ লগতে হিন্দু সংগঠনে চুৰি কৰা গৰু ২২ হাজাৰ টকাত বিক্ৰীৰ প্ৰমান দেখুৱালে অতিৰিক্ত জিলা উপায়ুক্তগৰাকীক। আৰ্ন্তজাতিক হিন্দু সংগঠনৰ সদস্যসকলৰ অভিযোগ অনুসৰি, ১২ মে’ তাৰিখে কৰিমগঞ্জ জিলাৰ প্ৰমোদ নগৰ এলেকাৰ জনৈক আশিষ শুক্লবৈদ্যৰ গৰু চুৰি হয় আৰু জনৈক ৰফিক উদ্দিনৰ বাগিছাত লৈ গৈ হত্যা কৰি ২২ হাজাৰ টকাত বিক্ৰী কৰে জনৈক ৰফিক উদ্দিনে । এই সন্দৰ্ভত কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষী থানাত গোচৰ দিয়াৰ পিছতো আৰক্ষীয়ে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

লগতে পঢ়ক: জ্যেষ্ঠ সাংবাদিক মোজাহিদুল হকৰ দেহাৱসান

ABOUT THE AUTHOR

...view details