বঢ়মপুৰ, 17 জুন : ৰাইজৰ অভিযোগৰ ভিত্তিত নগাঁও জিলাৰ কামপুৰ আৰক্ষীয়ে আটক কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ বহুকেইগৰাকী ছাত্ৰনেতাক ৷ জিলাখনৰ কামপুৰৰ গুইমাৰীৰ এটা গড়কাপ্তানি পথ নিৰ্মানক লৈ ৰাইজৰ লগত হতাহতিত লিপ্ত হৈছিল অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেইবাজনো সদস্যই ৷ গুইমাৰীত গড়কাপ্তানি বিভাগে নিৰ্মান কৰি থকা এটা পথত ঠিকাদাৰে অনিয়ম সংঘটিত কৰা বুলি উপায়ুক্তক অভিযোগ দিছিল অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ কেইজনমান নেতাই ৷
মহিলাক অশালীন ব্যৱহাৰ কৰি আৰক্ষীৰ জালত ছাত্ৰ পৰিষদৰ নেতা - অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ
অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাসৰ লগতে কেইবাজনো সদস্যক আটক ৷ কামপুৰ গুইমাৰীত মহিলাক অভব্য আচৰণ কৰা অভিযোগৰ ভিত্তিত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ লগতে সংগঠনটোৰ কেইবাজনো সদস্যক আটক কৰে কামপুৰ আৰক্ষীয়ে ৷
পথটোৰ কাম বন্ধ হৈ পৰাত ৰাইজ জাঙুৰ খাই উঠি ৰুবুল দাসক কিয় অভিযোগ দিব লগা হ'ল বুলি প্ৰশ্ন কৰাত মহিলাসকলৰ লগতে দাসে ৰাইজক অভব্য আচৰন কৰে । পিছত ৰাইজৰ বিৰুদ্ধে কামপুৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰে ৰুবল দাসে ৷ মঙ্গলবাৰে নিশা অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ এজন যুৱকে উক্ত বিষয়টো লৈ একাংশ ৰাইজৰ লগত হতাহতিত লিপ্ত হয় ৷ যাৰবাবে নিশাই শতাধিক পুৰুষ মহিলা আহি ৰুবুল দাস আৰু কেবাজনো সংগঠনৰ নেতাৰ বিৰুদ্ধ তৰে গোচৰ ৷ দুয়োপক্ষই গোচৰ তৰাৰ পাছত বুধবাৰে পুনৰ অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ বিষ্ণু হাজৰিকাই গৌতম বনিয়া নামৰ এজন যুৱকক মাৰপিট কৰি হত্যাৰ চেষ্টা চলায় ৷ এই ঘটনাৰ পিচতেই ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে বিষ্ণু দাসক ৷ ঘটনাৰ বিষয়ে খবৰ লাভ কৰি কামপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসসহ সংগঠনটোৰ সদস্য ৰঞ্জিত হাজৰিকা, ৰূপজ্যোতি দাসক আটক কৰে । আনহাতে ৰুবুল দাসৰ গোচৰৰ ভিত্তিত কৃষ্ণ কাকতি আৰু গৌতম বণিয়াকো আটক কৰে আৰক্ষীয়ে ৷
লগতে পঢ়কঃহিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনাৰে পূজা অৰ্চনা