গুৱাহাটী, 18 ডিচেম্বৰ : শুকুৰবাৰে চিআইডিয়ে দাখিল কৰিলে অসম আৰক্ষীৰ উপ-পৰিদর্শক পদৰ বাচনি পৰীক্ষা কেলেংকাৰীৰ চাৰ্জশ্বীট ।২৬২১ পৃষ্ঠাজোৰা চাৰ্জশ্বীটত মুঠ ৩৬গৰাকী অভিযুক্তৰ প্ৰমাণ দিয়া হৈছে । ৩৭ গৰাকীৰ জাবানবন্দী, ফৰেনচিক ৰিপৰ্ট সংলগ্ন কৰা হৈছে এই চাৰ্জশ্বীটত ।শেহতীয়াকৈ তদন্তত বহু বিস্ফোৰক তথ্য উদ্ধাৰ কৰিছে চিআইডিয়ে । আটাইকেইগৰাকী অভিযুক্তৰে সকলো তথ্য-প্ৰমাণ চাৰ্জশ্বীটত উল্লেখ কৰা হৈছে ।
চাৰ্জশ্বীটত উল্লেখ কৰা তথ্যসমূহ বিশেষ ন্যায়াধীশৰ আদালতত দাখিল কৰা হৈছে SI পৰীক্ষা কেলেংকাৰীৰ চাৰ্জশ্বীট । শুকুৰবাৰে গুৱাহাটী উলুবাৰীস্থিত চিআইডিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে এগৰাকী শীৰ্ষ বিষয়াই ।
চাৰ্জশ্বীটত উল্লেখ কৰা তথ্যসমূহ ইফালে চিআইডিৰ অভিযানত জব্দ হৈছিল ৬,২৬,৬৯,৪৪০ নগদ ধন, ৩২টা মোবাইল ফোন, ১১টা ভিডিঅ' ৰেকৰ্ডাৰ, ৫টা লেপটপ, ১০খন বাহন। এইসমূহ তথ্যও চাৰ্জশ্বীটৰ পৃষ্ঠাই পৃষ্ঠাই সন্নিৱিষ্ট কৰা হৈছে ।
SI কেলেংকাৰীৰ চাৰ্জশ্বীট দাখিল চিআইডিৰ চাৰ্জশ্বীটত উল্লেখ কৰা হৈছে প্ৰশান্ত কুমাৰ দত্ত, কুমাৰ সঞ্জীত কৃষ্ণ, সৰোজ শৰ্মা, ৰুবুল হাজৰিকা, দ্বিবন ডেকা, অক্ষয় চান্দ বৈদ, হীৰকজ্যোতি বৰুৱাকে প্ৰমুখ্য কৰি মুঠ ৩৬গৰাকী অভিযুক্তৰ নাম । উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত চিআইডিয়ে ক্ষীপ্ৰ তদন্ত কৰি চাৰ্জশ্বীট দাখিল কৰা বুলি সংবাদমেলত উল্লেখ কৰে ৷
লগতে পঢ়ক :অৱশেষত জালত পৰিল দ্বিবন ডেকা