অসম

assam

ETV Bharat / jagte-raho

বাক্সাত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ চাডেন ভিজিট - শালবাৰী

বাক্সাত বন বিভাগৰ নৱ নিযুক্ত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ চাডেন ভিজিট ৷ ভিজিত কৰিয়ে দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিষয়া গৰাকীয়ে ৷ অবৈধভাৱে শিল-বালি কঢ়িওৱা ড্ৰাম্পাৰ আৰু জেচিবি জব্দ কৰিবলৈ সক্ষম হয় বিষয়া গৰাকীয়ে ৷

chaden-visit-of-ranjit-basumtari-executive-member-of-the-btc-forest-department
বাক্সাত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ চাডেন ভিজিট

By

Published : Jan 5, 2021, 7:09 PM IST

Updated : Jan 5, 2021, 7:17 PM IST

বৰপেটাৰোড, 5 জানুৱাৰী : বন বিভাগৰ নৱ নিযুক্ত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেঙগাই মঙলবাৰে বন বিভাগত চাডেন ভিজিত কৰে ৷ বাক্সাৰ শালবাৰীৰ কালপানী আৰু গোৱৰ্ধনা অঞ্চলত আকস্মিক অভিযান চলাই নৱ নিযুক্ত কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

বাক্সাত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ চাডেন ভিজিট

উপস্থিত হৈয়ে বিষয়া গৰাকীয়ে অবৈধভাৱে শিল-বালি কঢ়িওৱা কেইবাখনো ডাম্পাৰ আৰু জেচিবি জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে,বিটিআৰৰ চাৰিখন জিলাত বন বিভাগত ব্যাপক দুৰ্নীতি হোৱা বুলি উল্লেখ কৰি বন বিভাগত দুৰ্নীতি কৰা কোনো লোক সাৰি যাব নোৱাৰে বুলিও হুংকাৰ দিয়ে ৷

তাৰোপৰি বেঁ‌কী নৈত অবৈধভাৱে খনন কাৰ্যৰ উপৰিও পথৰ দাঁতিতে ক্ৰেচাৰ মিল,শিল ভঙা কাৰ্য,অবৈধভাৱে গছ-গছনি সৰবৰাহ,অবৈধ মহল বন্ধ কৰাৰ হুংকাৰ দি অবৈধ কৰ্মৰ লগত জড়িত সকলোকে কঠোৰ শাস্তি বিহাৰ কথা উল্লেখ কৰে ৷

লগতে পঢ়ক :আগন্তুক দিনত আক্ৰমণৰ লক্ষ্য হৈ পৰিব ছাত্ৰ সন্থা: অতুল বৰা

Last Updated : Jan 5, 2021, 7:17 PM IST

ABOUT THE AUTHOR

...view details