নিউজ ডেস্ক, 26 ডিচেম্বৰ :কেন্দ্ৰীয় অনুসন্ধান তথ্য চমুকৈ CBI য়ে শনিবাৰে জনাই যে, আহমেদাবাদৰ এটা আৰু দিল্লীৰ আন এটা কোম্পানীৰ বিৰুদ্ধে পৃথককৈ দুটা গোচৰ ৰুজু কৰা হৈছে ৷ অভিয়োগ অনুসৰি, আহমেদাবাদৰ কোম্পানীয়ে 67.07 কোটি টকা আৰু দিল্লীৰ কোম্পানীয়ে 64.78 কোটি টকা বেংকৰ ধন হৰলুকি কৰিছে ৷
গোচৰৰ ভিত্তিতে CBI য়ে, 10 টা স্থানত তদন্ত আৰম্ভ কৰাৰ লগতে মুম্বাই আৰু Krishna Knitwear Technology Ltdৰ কাৰ্যালয়ত তদন্ত আৰম্ভ কৰিছে ৷
ভাৰতীয় ষ্টেট বেংকৰ অভিযোগৰ ভিত্তিতে CBI য়ে তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে, প্ৰতিষ্ঠানটোৱে 67.07 কোটি টকা বেংকৰ পৰা লুন্ঠন কৰিছে ৷