মৰিগাঁও, 22 অক্টোবৰ:মৰিগাঁও কপাহেৰাত এজন চি আৰপিএফৰ জোৱানৰ বাসগৃহত চিবিআইয়ে চলালে তদন্ত ৷ পল্লৱ জ্যোতি ফুকন নামৰ চি আৰপিএফৰ জোৱানজনৰ বিৰুদ্ধে উত্থাপিত হৈছে একাধিক চাইবাৰ অপৰাধৰ অভিযোগ ৷ বেংক একাউন্ট হেক কৰি বহুলোকৰ পৰা ধন লুট কৰাৰ দৰে ঘটনা সংঘটিত কৰাৰ অভিযোগ জোৱানজনৰ বিৰুদ্ধে।
মৰিগাঁৱত চি আৰ পি এফৰ জোৱানৰ ঘৰত CBI ৰ অভিযান
চি আৰ পি এফ ৰ জোৱানৰ চাইবাৰ অপৰাধ ৷ হঠাৎ চিবিআইয়ে চলালে তদন্ত ৷
মৰিগাঁৱত চি আৰপি এফৰ জোৱামৰ ঘৰত CBIৰ অভিযান
জোৱানজন বৰ্তমান ছট্টিশগড়ত কৰ্মৰত বুলি জানিব পৰা গৈছে ৷ মঙলবাৰে পুৱা ৮ বজাৰ পৰা ১১.৩০ লৈ জোৱানজনৰ বাসগৃহত চিবিআইয়ে হঠাতে অভিযান চলায় ৷ অভিযানকাৰী চিবিআইৰ দলটোৱে জোৱানজনৰ বাসগৃহৰ পৰা বেংকৰ পাছবুক,মাটিৰ নথি-পত্ৰকে ধৰি বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰি লৈ যায় ৷
Last Updated : Oct 22, 2019, 9:09 PM IST