ধুবুৰী, 11 জুলাই : দীৰ্ঘদিন ধৰি ধুবুৰীৰ তামাৰহাট অঞ্চলত সন্ত্ৰাস চলাই আহিছিল অজ্ঞাত গৰু চোৰে ৷ অৱশেষত স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন গৰু চোৰ ৷
জিলাখনৰ তামাৰহাট থানাৰ অন্তৰ্গত খৰখৰীৰ পৰা গ্ৰেপ্তাৰ হয় গৰু চোৰটো । দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত গৰু চুৰি হৈ আহিছিল ৷ যাৰ বাবে একপ্ৰকাৰে ৰাইজৰ নিদ্ৰাহৰণ হৈ পৰিছিল । এনে সময়তে তামাৰহাটৰ খৰখৰী অঞ্চলৰ ৰাইজে আবু ছামা নামৰ এজন গৰু চোৰক আটক কৰি এখন ৰাইজ মেল অনুষ্ঠিত কৰে ।
ধুবুৰী তামাৰহাটত গ্ৰেপ্তাৰ গৰু চোৰ ইফালে আৰক্ষীয়ে ঘটনাৰ খবৰ পাই ধৃত আবু ছামাক ৰাইজৰ হাতৰ পৰা তামাৰহাট থানাত লৈ আহে । ধৃত আবু ছামাৰ ঘৰ তামাৰহাট থানাৰ উজানপেটলা ১ম খণ্ড গাঁৱত বুলি জানিব পৰা গৈছে । গৰু চোৰটো আটক হোৱা খবৰ পাই গৰুৰ গৰাকী আব্দুল হামিদ শ্বেখে আবু ছামাৰ নামত তামাৰহাট থানাত এজাহাৰ দিয়ে । উক্ত এজাহাৰৰ ভিত্তিতে তামাৰহাট আৰক্ষীয়ে ১৬০/২০ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি ৩৭৯ ধাৰাত ধৃত আবু ছামাক ধুবুৰী আদালতৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰে ।
লগতে পঢ়কঃমুম্বাইত ক'ভিড-19 যুদ্ধৰ প্ৰথম শাৰীৰ সৈনিক হিচাপে সন্মানিত এগৰাকী অসম কন্যা