অসম

assam

ETV Bharat / jagte-raho

বুলন্দচহৰ ঘটনা : দুৰ্ঘটনাৰ পূৰ্বে শাৰিৰীকভাৱে অপদস্থ কৰা হৈছিল সুদিক্ষাক

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই উত্তৰ প্ৰদেশ আৰক্ষীক বুলন্দচহৰত সংঘটিত পথ দুৰ্ঘটনাৰ ঘটনাক ক্ষীপ্ৰতাৰে অনুসন্ধান কৰিবলৈ জাননী প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে, উচ্চতৰ মাধ্যমিকত উন্নত ফলাফল দেখুৱাই আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ত অধ্যয়নৰ সুযোগ লাভ কৰা এগৰাকী শিক্ষাৰ্থীক ৰাজপথত হাৰাশাস্তি কৰি দুৰ্ঘটনাত পতিত কৰাইছিল কেইগৰাকীমান দুৰ্বৃত্তই ৷ পৰৱৰ্তী সময়ত শিক্ষাৰ্থীগৰাকীৰ এই দুৰ্ঘটনাত মৃত্যু হৈছিল ৷

পথ দুৰ্ঘটনাত মৃত্যু হোৱা কৃতী শিক্ষাৰ্থীৰ ঘটনাক লৈ সৰৱ ৰাষ্ট্ৰীয় মহিলা আয়োগ
পথ দুৰ্ঘটনাত মৃত্যু হোৱা কৃতী শিক্ষাৰ্থীৰ ঘটনাক লৈ সৰৱ ৰাষ্ট্ৰীয় মহিলা আয়োগ

By

Published : Aug 12, 2020, 4:30 AM IST

নিউজ ডেস্ক, 12 আগষ্ট :উত্তৰ প্ৰদেশৰ বুলন্দচহৰ জিলাত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হোৱা 20 বৰ্ষীয়া কৃতী শিক্ষাৰ্থীগৰাকীৰ মৃত্যুৰ ঘটনাক লৈ সৰৱ হৈ পৰিছে ৰাষ্ট্ৰীয় মহিলা আয়োগ ৷ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই এই ঘটনাৰ এক উচিত তদন্ত বিছাৰি উত্তৰ প্ৰদেশ আৰক্ষীক ক্ষীপ্ৰতাৰে ইয়াৰ তদন্ত সম্পন্ন কৰিবলৈ জাননী প্ৰেৰণ কৰিছে ৷

পশ্চিম উত্তৰ প্ৰদেশৰ মেধাৱী শিক্ষাৰ্থীগৰাকীক ৰাজপথত হাৰাশাস্তি কৰাৰ লগতে তেওঁৰ বাহনখন দুৰ্ঘটনাত পতিত কৰোৱা দুৰ্বৃত্তক শীঘ্ৰেই চিনাক্ত কৰি ৰাজহুৱা শাস্তি প্ৰদান কৰিবলৈ ৰাষ্ট্ৰীয় মহিলা আয়োগে উত্তৰ প্ৰদেশ আৰক্ষী সঞ্চালক প্ৰধানক এইদৰে জাননী প্ৰেৰণ কৰিছে ৷ দুৰ্ঘটনাত মৃত্যু হোৱা শিক্ষাৰ্থীগৰাকীয়ে 2018 বৰ্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছিল আৰু আমেৰিকাৰ এখন সন্মানীয় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল ৷

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই উত্তৰ প্ৰদেশ আৰক্ষী সঞ্চালক প্ৰধান এইচ চি অৱস্থীক ক্ষীপ্ৰ,নিৰপেক্ষ আৰু নিখুট অনুসন্ধানেৰে শিক্ষাৰ্থীগৰাকীক ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৷ ঘটনাৰ গভীৰতালৈ লক্ষ্য কৰি দৰকাৰত ৰাজপথত থকা চিচিটিভি ফুটেজ পৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰীয় মহিলা আয়োগে ৷

উল্লেখ্য যে, 2018 বৰ্ষৰ উত্তৰ প্ৰদেশ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষস্থান দখল কৰা সুদিক্ষা ভাটিয়ে আমেৰিকাৰ পৰা নিজ গৃহলৈ বুলি বন্ধত ফুৰিবলৈ আহিছিল ৷ ঘৰলৈ অহাৰ পিচতেই সোমবাৰে দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱতি লয় শিক্ষাৰ্থীগৰাকীয়ে ৷ ভাটিৰ পৰিয়ালে দাবী কৰা অনুসৰি, শিক্ষাৰ্থীগৰাকীৰ বাহনখন দুৰ্ঘটনাত পতিত হোৱাৰ আগতেই কেবাগৰাকীও দুৰ্বৃত্তই ৰাজপথতেই সুদিক্ষাক শাৰিৰীকভাৱে অপদস্থ কৰিবলৈ চেষ্টা কৰিছিল আৰু ইয়াৰ পিচতেই তেওঁলোকে সুদিক্ষাৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত কৰি সেইস্থানৰ পৰা পলায়ন কৰে ৷

লগতে পঢ়কঃ15 আগষ্টৰ ভিতৰত কাশ্মীৰত 4জি ইন্টাৰনেট, উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

ABOUT THE AUTHOR

...view details