অসম

assam

ETV Bharat / jagte-raho

বঙাইগাঁও আৰক্ষীৰ জালত 5 দুধৰ্ষ ডকাইতৰ - car dacoit in bongaigaon

বঙাইগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত পিয়াপি দি ফুৰিছে ডকাইত । আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ পাঁচ ডকাইত ।

গ্ৰেপ্তাৰ হোৱা পাঁচ ডকাইত

By

Published : Oct 25, 2019, 2:49 PM IST

বঙাইগাঁও,25অক্টোবৰঃ বঙাইগাঁৱৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত পিয়াপি দি ফুৰা পাঁচ ডকাইতক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । উল্লেখ্য যে, জিলাখনৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গৰাইমাৰী (বিজনী)ত যোৱা ২০ অক্টোবৰত AS26C5771 নম্বৰৰ তেল টেংকাৰৰে চিৰাঙৰ বৈখুনগাঁৱৰ উচমান গণি সেখ নামৰ চালকজনে গৈ থকা অৱস্থাত পাঁচজনীয়া ডকাইতৰ দলে আগচি ধৰি ধন দাবী কৰাৰ লগতে মাৰপিট কৰিছিল । সেই পৰিস্থিতিৰ পৰা কোনো মতে নিজকে ৰক্ষা কৰি আহি বঙাইগাঁও থানাত গোচৰ দিছিল চালকজনে । উক্ত ঘটনাৰ পাছৰে পৰা বঙাইগাঁও আৰক্ষীয়ে ডকাইতৰ দলটোক বিচাৰি অভিযান আৰম্ভ কৰে । এই অভিযানৰ মাজতে যোৱা নিশা উক্ত ডকাইতৰ দলটোৱে জিলাখনৰ ৰাখালডুবিৰ দনকিনামাৰীত ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ গাড়ী ৰখাই ডকাইতি কাণ্ড সংঘটিত কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে হাতে-লোটে 2 খন মটৰ চাইকেল সহ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ হোৱা লোক কেইজন ক্ৰমে বাছিৰুদ্দিন মোল্লা, আছিদুল ইচলাম, মিজানুৰ ইচলাম, ৰফিকুল ইচলাম আৰু জহিৰুল ইচলাম । আটাইকেইজনৰ ঘৰ বিজনীৰ নিকটৱৰ্তী বঙাইগাঁও জিলাৰ গৰাইমাৰীত ।

বঙাইগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত পিয়াপি দি ফুৰিছে ডকাইত

চিৰাং-বঙাইগাঁও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত বিশেষকৈ তেল টেংকাৰ আৰু বিভিন্ন সামগ্ৰী কঢ়িওৱা গাড়ী সমূহক টাৰ্গেট কৰি লৈ ডকাইতৰ দলে সন্ত্ৰাস চলোৱা এইয়া নতুন ঘটনা নহয় । কিন্তু বিগত কিছু দিনৰ পৰা এনেধৰণৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ।

ABOUT THE AUTHOR

...view details