বকোত স্বামীয়ে হত্যা কৰিলে পত্নীক
বকো, 21 মাৰ্চ : বুধবাৰে বকোত সংঘটিত চাঞ্চল্যকৰ ঘটনা ৷ স্বামীৰ হাতত নিহত হয় পত্নী ৷ তৰুণ বড়ো নামৰ 30বছৰীয়া এজন লোকে দাৰে ঘপিয়াই হত্যা কৰে নিজ পত্নীক ৷ পাৰিবাৰিক কন্দলৰ বাবে লোকজনে এনে ঘটনা সংঘটিত কৰাৰ সন্দেহ স্থানীয় লোকৰ ৷
নিহত মহিলাগৰাকীৰ নাম কল্পনা বড়ো ৷ কল্পনাক পিছফালৰ পৰা ডিঙিত ঘপিয়াই যাৰ ফলত থিতাতে মৃত্যুক সাৱতি লয় মহিলাগৰাকীয়ে ৷ ইতিমধ্যই ঘটনা সন্দৰ্ভত স্বামী তৰুণ বড়োক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷