বিশ্বনাথ ১৯ এপ্ৰিলঃ কোভিড-১৯ সৃষ্ট ক'ৰণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধমূলক ব্যৱস্থাৰ হেতু গুটখা আৰু গুটখা জাতীয় সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে কেন্দ্ৰীয় চৰকাৰে । নিষিদ্ধ ঘোষণা কৰাৰ পিছতেই এনে সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলিছে বিভিন্ন ৰাজ্যসমূহত ।
বিশ্বনাথ জিলা প্ৰশাসনৰ অভিযান শেহতীয়াকৈ অসমৰ বিশ্বনাথ জিলা প্ৰশাসনে এনে এক অভিযানৰ নেতৃত্ব প্ৰদান কৰে । জিলাখনৰ কাৰ্যবাহী দণ্ডাধীশ বিশ্বজিৎ শইকীয়া,আবকাৰী পৰিদৰ্শক শৰৎ তিমুং আৰু খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ উপ পৰিদৰ্শক ভবেন কুমাৰৰ নেতৃত্বত চলে এই অভিযান ।
অভিযানকাৰী দলটোৱে জিলাখনৰ শ্ৰীকৃষ্ণ ষ্টোৰ আৰু মেচাৰ্চ মহেন্দ্ৰ নাথ শৰ্মাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কমলা পচন্দ ২২০০ পেকেট,বিমল জৰ্দা ৩০ পেকেট,চিখৰ ৩১৫ পেকেট,নেভলা টবাকু ২৭০ পেকেট,তুলসী ৪ কাৰ্টুন,ৰজনীগন্ধা ৯৭ পেকেট,বাবা ব্লেক ৩১ বাকচ,চিগনেচাৰ ১২০ পেকেট,তুলসী জৰ্দা ১২০০ পেকেট আৰু গোপাল জৰ্দা ৫০ পেকেট জব্দ কৰে । জব্দ কৰা সামগ্ৰীখিনি উপৰোক্ত ব্যৱসায়ীকেইজনৰ জিন্মাত দি বিক্ৰী নকৰিবলৈ লিখিত প্ৰতিশ্ৰুতি গ্ৰহণ কৰে অভিযানকাৰী দলটোৱে ।
জিলাখনৰ প্ৰতি ঠাইতে এনে অভিযান অব্যাহত থাকিব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃসোণাইত থকা কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী সোণোৱালৰ