অসম

assam

ETV Bharat / jagte-raho

তেল চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰা কোন এই জহৰ ? - জহৰ আলী

বিশেষ কৌশলৰে অঞ্চলটোৰ যি কোনো বাহনৰ তেলৰ টেংকিৰ পৰা ড্ৰামে ড্ৰামে তেল চুৰি কৰাৰ অভিযোগ উঠিছে জহৰ আলীৰ বিৰুদ্ধে ৷ ইটা উদ্যোগৰ কৰ্মচাৰীয়ে হাতে লোটে ধৰা পেলাই আৰক্ষীৰ গতাই দিয়ে চোৰটোক ৷

তেল চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি বিলাসীপাৰাৰ জহৰ আলীৰ

By

Published : Jun 8, 2019, 3:21 PM IST

বিলাসীপাৰা, 8 জুনঃ বাহনৰ তেলৰ টেংকিৰ পৰা ড্ৰামে ড্ৰামে তেল চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে বিলাসীপাৰাৰ হাকামা প্ৰথম খণ্ড গাঁৱৰ জহৰ আলী নামৰ এটা চোৰে ৷ বিশেষ কৌশলেৰে অঞ্চলটোৰ যি কোনো বাহনৰ তেলৰ টেংকিৰ পৰা ড্ৰামে ড্ৰামে তেল চুৰি কৰাৰ অভিযোগ উঠিছে জহৰ আলীৰ বিৰুদ্ধে ৷ শুকুৰবাৰে নিশা চোৰটোৱে বাহনৰ পৰা তেল চুৰি কৰিবলৈ বিলাসীপাৰাৰ গৌৰাং নগৰৰ বিজয় ইটা উদ্যোগত উপস্থিত হয় |

তেল চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি বিলাসীপাৰাৰ জহৰ আলীৰ

উল্লেখ্য যে, চোৰটোৱে ইটা উদ্যোগটোত ৰৈ থকা AS 17 B - 2030 নম্বৰৰ বাৰ চকীয়া ট্ৰাক খনক টাৰ্গেট কৰি লয় আৰু চেগ বুজি ট্ৰাক খনৰ তেলৰ টেংকিৰ তল ফালে বিশেষ কায়দাৰে কোনো শব্দ নোহোৱাকৈ খুলি তেল উলিয়াবলৈ ধৰে | কিন্তু চোৰৰ এই কাৰ্যৰ উমান পাই হাতে লোটে ধৰা পেলাই ইটা উদ্যোগটোৰ কৰ্মচাৰীসকলে ৷ পিচত স্থানীয় ৰাইজে চোৰটোক উত্তম মধ্যম দি গতাই দিয়ে স্থানীয় আৰক্ষীক ৷

লগতে পঢ়কঃ ধলা-কাণ্ডত দুই সদ্য আত্মসমৰ্পণকাৰী আলফা আটক

ABOUT THE AUTHOR

...view details