নলবাৰী, 23 ছেপ্টেম্বৰ :নলবাৰীত দিনৰ পোহৰতে সংঘটিত হয় ধন লুটৰ ঘটনা ৷ নলবাৰীত ভাৰতীয় ষ্টেট বেংক হাজো ৰোড শাখাৰ পৰা কামাল হুছেইন নামৰ এগৰাকী লোকে প্ৰায় ৬০ হাজাৰ টকা উলিওৱাই ঘৰমূৱা হৈ গৈ থাকোতে বাজাৰ ইণ্ডিয়া শ্বপিং মলৰ সন্মুখত কোনো অচিনাকী দূৰ্বৃত্তই বাইকত আহি ধন লুটি লৈ যায় ।
নলবাৰীত দিনৰ পোহৰতে নগদ ধন লুটি নিলে দূৰ্বৃত্তই - নলবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল
নলবাৰীত ভাৰতীয় ষ্টেট বেংক হাজো ৰোড শাখাৰ পৰা কামাল হুছেইন নামৰ এগৰাকী লোকে প্ৰায় ৬০ হাজাৰ টকা উলিওৱাই ঘৰমূৱা হৈ গৈ থাকোতে বাজাৰ ইণ্ডিয়া শ্বপিং মলৰ সন্মুখত কোনো অচিনাকী দূৰ্বৃত্তই বাইকত আহি ধন লুটি লৈ যায় ।
নলবাৰীত দিনৰ পোহৰতে নগদ ধন লুটি নিলে দূৰ্বৃত্তই
ইতিমধ্যে লোকজনে নলবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । উল্লেখযোগ্য যে নলবাৰীত শেহতীয়াভাৱে চিলনী চোৰৰ তাণ্ডৱ বৃদ্ধি পাইছে । শেহতীয়াভাৱে কিছুদিন পূৰ্বে নলবাৰী চহৰৰ মাজমজিয়াৰ পৰা এগৰাকী মহিলাৰ সোণৰ চেইন লৈ উধাও হৈছিল দূৰ্বৃত্তই ।
লগতে পঢ়ক :১৩৫ বছৰ পুৰণি বিভাগৰ নাম সলনিৰে নতুন নাম "লোকনিৰ্মাণ বিভাগ"