নগাঁও,12ছেপ্টেম্বৰঃ নগাঁৱৰ জাজৰী বগুৰীগুৰীত স্বামীয়ে পত্নীক হত্যাৰ অভিযোগ ৷ স্বামী বিপ্লৱ দেউৰীয়ে যৌতুকৰ দাবীত পত্নী দীপাঞ্জলি দেউৰীক মৰিয়াই, ডিঙি চেপি হত্যাৰ অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ ৷ প্ৰায় চাৰি বছৰ পূৰ্বে একে গাঁৱৰে বিপ্লৱ দেউৰীৰ লগত বিয়া হৈছিল দীপাঞ্জলি দেউৰী ৷ উল্লেখ্য যে বিয়াৰ এবছৰলৈকে দুয়োৰে সংসাৰ সুখে শান্তিৰে চলিছিল যদিও পৰৱৰ্তী পৰ্যায়ত স্বামী বিপ্লৱে যৌতুক দাবী কৰি চলাইছিল অত্যাচাৰ ৷ কিন্তু দীপাঞ্জলিৰ দৰিদ্ৰ পৰিয়ালটোৱে সেই দাবী পূৰণ কৰিবলৈ অসমৰ্থ হোৱা বাবেই দিন যোৱাৰ লগে লগে স্বামী বিপ্লৱৰ অত্যাচাৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰে ৷ অৱশেষত বুধবাৰে নিশা স্বামী বিপ্লৱে যৌতুকৰ দাবীত অমানসিক শাৰীৰিক নিৰ্যাতন চলায় ৷ লগতে পত্নী দীপাঞ্জলিক অকথ্য নিৰ্যাতন চলাই পেলাই থয় ঘৰৰ বাৰান্দাত ৷ ইপিনে দীপাঞ্জলীৰ পৰিয়ালে ঘটনাৰ বিষয়ে জানিব পৰি নিশাই স্বামী বিপ্লৱৰ ঘৰত উপস্থিত হয় যদিও পৰিয়ালৰ লোকে দীপাঞ্জলিক ঘৰৰ বাৰান্দাত মৃত অৱস্থাতহে উদ্ধাৰ কৰে ৷
নগাঁৱত যৌতুকৰ বাবে প্ৰাণ হেৰুৱালে বোৱাৰীয়েঃ আটক স্বামী - প্ৰতিবাদ
নগাঁৱৰ জাজৰীত স্বামীয়ে যৌতুকৰ দাবীত পত্নীক হত্যাৰ অভিযোগ ৷ স্বামীক আটক আৰক্ষীৰ ৷ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবীত সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ প্ৰতিবাদ ৷
আনহাতে মৃত দীপাঞ্জলিৰ শৰীৰৰ বিভিন্ন ঠাইত আঘাতৰ চিন দেখি পৰিয়ালৰ লোকে দীপাঞ্জলিক স্বামীয়ে হত্যা কৰা বুলি জাজৰী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে দীপাঞ্জলি হত্যাৰ অভিযোগত স্বামী বিপ্লৱ দেউৰীক আটক কৰে ৷ ইপিনে সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই এক প্ৰতিবাদী সমদল উলিয়াই জাজৰী থানা ঘেৰাও কৰি দীপাঞ্জলিৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায় ৷ উল্লেখ্য যে কিছু দিন পূৰ্বে জিলা খনৰ ধিং গাঁৱত এগৰাকী নৱ বিবাহিত বোৱাৰীক হাত ভৰি বান্ধি জ্বলাই দিয়াৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ সংঘটিত হয় এই লজ্জানক ঘটনা ৷