অসম

assam

ETV Bharat / jagte-raho

ভুৱা বাতৰি প্ৰচাৰ কৰি গ্ৰেপ্তাৰ সাংবাদিক

মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাহুল কুলকাৰ্ণী নামৰ সাংবাদিকগৰাকীক ৷ মঙলবাৰে বান্দ্ৰাত ৰেলৰ ব্যৱস্থা কৰা হোৱা বুলি বাতৰি প্ৰচাৰ কৰিছিল টেলিভিশ্বন সাংবাদিকগৰাকীয়ে ৷ যাৰ বাবে এইদৰে গ্ৰেপ্তাৰ হয় সাংবাদিকগৰাকী ৷

ভুৱা বাতৰি প্ৰচাৰ কৰি গ্ৰেপ্তাৰ সাংবাদিক
ভুৱা বাতৰি প্ৰচাৰ কৰি গ্ৰেপ্তাৰ সাংবাদিক

By

Published : Apr 16, 2020, 3:50 PM IST

নিউজ ডেস্ক, 16 এপ্ৰিলঃ বুধবাৰে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এগৰাকী টেলিভিশ্বন সাংবাদিকক ৷ কৰ’ণা ভাইৰাছৰ বাবে জাৰী কৰা লকডাউনৰ মাজতে মুম্বাইত ৰাজহুৱা পৰিবহনৰ ব্যৱস্থা কৰা হোৱা বুলি বাতৰি প্ৰকাশ কৰিছিল সাংবাদিকগৰাকীয়ে ৷ যাৰ ফলত বান্দ্ৰাত ৰাজপথলৈ ওলাই আহিছিল হাজাৰোধিক শ্ৰমিক ৷ মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সাংবাদিকগৰাকী ৰাহুল কুলকাৰ্ণী বুলি জানিব পৰা গৈছে ৷

মুম্বাই আৰক্ষীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত অভিষেক ত্ৰিমুখীয়ে সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৷ বৃহস্পতিবাৰে সাংবাদিকগৰাকীক বান্দ্ৰা আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিব পৰা গৈছে ৷ আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা অনুসৰি, কুলকাৰ্ণীয়ে জন সাধাৰণ স্পেচিয়েল ৰেলৰ দ্বাৰা লকডাউনৰ মাজত আৱদ্ধ ব্যক্তিসকলক নিজ নিজ বাসগৃহলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে বুলি বাতৰি প্ৰকাশ কৰিছিল ৷

এটা মাৰাথী টেলিভিশ্বন চেনেলত কৰ্মৰত সাংবাদিকগৰাকীৰ গ্ৰেপ্তাৰৰ কথা মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে টুইটাৰযোগে প্ৰকাশ কৰিছে ৷ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 188, 269, 270 আৰু 117ৰ অধীনত সাংবাদিকগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details