অসম

assam

ETV Bharat / jagte-raho

উত্তৰ প্ৰদেশত পুনৰ দলিতৰ ওপৰত অত্যাচাৰ - দলিত সকল

দলিত সকলৰ পুনৰ নিৰ্যাতনৰ ঘটনা সংঘটিত হল উত্তৰ প্ৰদেশত । BSP দলৰ মুখপাত্ৰ সুধীন্দ্ৰ ভদেীৰিয়াই জগৰীয়া কৰে উত্তৰ প্ৰদেশ চৰকাৰক ।

atrocities-against-dalits-in-uttar-pradesh-is-shameful-bsp
উত্তৰ প্ৰদেশত দলিতৰ ওপৰত পুনৰ অত্যাচাৰ

By

Published : Jun 10, 2020, 8:11 PM IST

নিউজ ডেস্ক, ১০জুনঃ বহু জন সমাজ বাদী পাৰ্টীৰ মুখপাত্র সুধীন্দ্ৰ ভদেীৰিয়াই উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে অভিযোগ আনে যে দলিত সকলৰ ওপৰত অত্যাচাৰ কৰি অহা অপৰাধী সকলৰ ওপৰত কােনোধৰনৰ কঠোৰ কাৰ্য্যব্যবস্থা হাতত নোলোৱাৰ ফলত বাৰে বাৰে নিৰ্যাতিত হৈ আহিব লগীয়া পৰিছে দলিত সকল।

ভদৰিয়াই লগতে উল্লেখ কৰে যে কেইদিন মান আগতে দলিত সকলৰ ওপৰত অমানবীয় ভাবে আক্ৰমণ কৰি হত্যা কৰা হৈছিল আমৰাহ জিলাত ।তেনেই একেই ঘটনাৰ পুনৰাবৃত্তি হল ১৭ বছৰীয়া যুৱক জনৰ ক্ষেত্রত । চৰকাৰক বিহিত ব্যবস্হা গ্ৰহণৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই ভদৰিয়াই ।

ইপিনে বৰ্তমানেও ভাৰতবৰ্ষত এতিয়াও বণ বৈষম্য চলি আছে ১৭ বছৰীয়া যুৱক জনক উচ্চ বৰ্ণ লোকে হত্যা কৰে ৬ জুনত ।ইপিনে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে IPC ধাৰা অনুসৰি ৩০২ হত্যা আৰু বৰ্ণ বৈষম্যৰ অভিযোগত চাৰিজনৰ বিৰুদ্ধ গোছৰ ৰুজো কৰি দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

লগতে পঢকঃ

ABOUT THE AUTHOR

...view details