অসম

assam

ETV Bharat / jagte-raho

ধেমাজিত চাৰিখন এটিএম কাৰ্ডসহ চোৰ কৰায়ত্ত - এটিএম কাৰ্ডসহ নগদ বিশ হাজাৰ টকা উদ্ধাৰ

ধেমাজিত এটিএম চোৰক কৰায়ত্ত ৷ চাৰিখন এটিএম কাৰ্ডসহ নগদ বিশ হাজাৰ টকা উদ্ধাৰ ৷ ধেমাজি আৰক্ষীৰ ব্যাপক সফলতা ৷

ধেমাজিত চাৰিখন এটিএম কাৰ্ডসহ চোৰ কৰায়ত্ব
ধেমাজিত চাৰিখন এটিএম কাৰ্ডসহ চোৰ কৰায়ত্ব

By

Published : Jul 23, 2020, 3:49 AM IST

ধেমাজি , 23 জুলাই :ধেমাজি সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৰেন সোণোৱালৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি ধেমাজিৰ পাচঁআলি টঙনাপাৰা কৈৱৰ্ত্ত গাওঁৰ পৰা এটা এটিএম চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

এটিএম চোৰটোৰ পৰা জব্দ কৰা সামগ্ৰীসমূহ

উল্লেখ্য যে, ধেমাজিৰ পাচঁআলি টঙনাপাৰা কৈৱৰ্ত্ত গাওঁৰ মিন্টু দাসৰ পুত্ৰ ঠানুৰাম দাসে ব্যাপক ঠগ প্ৰৱঞ্চনাৰে গ্ৰাহকৰ এটিএম কাৰ্ডসমূহ নিজৰ লগত ৰাখি নিজৰ কোনো কামত নোহোৱা এটিএম কাৰ্ডসমূহ গ্ৰাহকক দি ধন লুটি আছিল ৷

অৱশেষত এগৰাকী গ্ৰাহকৰ এটিএম কাৰ্ডৰ ধন লুটি নিয়াৰ পাছতে ওলাই পৰে উৰহীৰ ওৰ ৷ ইয়াৰ পাছতে ধেমাজি সদৰ আৰক্ষীয়ে উক্ত বিষয়ৰ সন্দৰ্ভত এক গোপন সূত্ৰৰ পম খেদি ঠানুৰাম দাস নামৰ চোৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

ধেমাজিত চাৰিখন এটিএম কাৰ্ডসহ চোৰ কৰায়ত্ত

ধেমাজি সদৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৰেন সোণোৱালে জানিবলৈ দিয়া মতে উক্ত লোকজনৰ নামত কেইবাটাও গোচৰ পঞ্জীয়ন আছে বুলি উল্লেখ কৰি চোৰটোৰ পৰা চাৰিখন এটিএম কাৰ্ডসহ নগদ বিশ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি অৱগত কৰে ৷ ধেমাজি আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা এটিএম চোৰটোক কৰায়ত্ত কৰাত আৰক্ষীৰ ব্যাপক সফলতা বুলি সচেতন মহলে উল্লেখ কৰিছে ৷

লগতে পঢ়কঃধেমাজিত গোহালিয়ে গোহালিয়ে আৰক্ষীৰ অভিযান

ABOUT THE AUTHOR

...view details