গুৱাহাটী, 23 ছেপ্টেম্বৰ :অসম আৰক্ষীৰ উপ-পৰিদর্শক পদৰ প্ৰশ্ন কাকত ফাদিল কৰি আৰক্ষীৰ জালত পৰিছে কেইবাজনো লোক । এতিয়া ঘটনা সন্দৰ্ভত আৰক্ষীয়ে লাভ কৰিছে ন ন তথ্য । প্ৰশ্ন কাকত ফাদিলৰ লগত এইবাৰ নাম সাঙোৰ খাইছে অসম আৰক্ষীৰ বিয়াগোম বিষয়াৰ নাম ৷ অসম আৰক্ষীৰ প্ৰাক্তন DIG পি কে দত্তৰ নাম এই ঘটনাৰ সৈতে সাঙোৰ খাই পৰিছে ।
বুধবাৰে নিশা প্ৰাক্তন ডিআইজিগৰাকীৰ হেঙেৰাবাৰী ৰূপকোঁৱৰ পথৰ বাসগৃহত আৰু বেটকুছিস্থিত হোটেল ভাৰ্গৱ গ্ৰেণ্ডত অভিযান চলে আৰক্ষীৰ । অতৰ্কিতে চিআইডি আৰু মহানগৰ আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই বেটকুছিৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডতো । কেইঘন্টা ধৰি চলে এই অভিযান । কিন্তু কি তথ্য আৰক্ষীয়ে জব্দ কৰিছে অথবা লাভ কৰিছে এতিয়ালৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাই । হয়টো প্ৰাক্তন DIG পি কে দত্তক জেৰাৰ পিছত পোহৰলৈ আহিব বহু তথ্য ।