দৰং, 16 মে': দৰঙৰ দলগাঁৱত আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ নিৰ্দেশত চলা অভিযানত গ্ৰেপ্তাৰ তিনি চোৰাং চিকাৰী ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰৰ বাবে অহাৰ সময়তেই বনকৰ্মী আৰু দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰাং চিকাৰী তিনিটাক ৷ চিকাৰী তিনিটাৰ পৰা আৰক্ষীয়ে এটা থ্ৰী নট থ্ৰী ৰাইফলৰ লগতে জব্দ কৰে এটা চাইলেঞ্চাৰ, এখন বৃহৎ আকাৰৰ খুকুৰি, এঘাৰ জাঁই সক্ৰিয় গুলী আৰু বহু নথি-পত্ৰ ।
দৰঙৰ দলগাঁৱত গ্ৰেপ্তাৰ তিনি চোৰাং চিকাৰী - আৰক্ষী অধীক্ষক অমৃত ভূঞা
দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ নিৰ্দেশত চলা অভিযানত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰৰ বাবে অহা তিনি চোৰাং চিকাৰী গ্ৰেপ্তাৰ
দৰঙৰ দলগাঁৱত গ্ৰেপ্তাৰ তিনি চোৰাং চিকাৰী
ধৃত চিকাৰী কেইটা হাইলাকান্দিৰ কাটলিচৰা থানাৰ পালৈচুৰা গাঁৱৰ সাগৰ সিং ( বৰ্তমান অৰুণাচলৰ নিৱাসী ) ,বালিজান পথাৰৰ সমীৰ আলী (২২) আৰু ঢেকিয়াজুলিৰ শিঙিমাৰীৰ মৰুজ আলী (২৮) ৷ আৰক্ষীৰ জেৰাত থকা চিকাৰী কেইটাই কোৱা মতে সাগৰক অৰুণাচলৰ পৰা গঁড় চিকাৰ কৰিবলৈ "চাৰ্প শ্বুটাৰ" হিচাপে অনা হৈছিল আৰু বাকী দুজনে অস্ত্ৰ যোগান ধৰাৰ লগতে স্থানীয় "গাইড" হিচাপে চিকাৰৰ পৰিকল্পনা কৰিছিল ৷